অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এনডিএ চৰকাৰৰ প্ৰতিৰক্ষা,বিত্ত আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী যশোৱন্ত সিঙৰ দেহাৱসান ঘটিছে।৮২ বছৰ বয়সত দিল্লীৰ সেনা হাস্পতালত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটা সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি কয় যে যশোৱন্ত সিঙে প্ৰথমে এজন সৈনিক হিচাপে আৰু তাৰ পিছত এজন ৰাজনীতিক হিচাপে দেশৰ সেৱা কৰিছিল।বিজেপি দলটোক শক্তিশালী কৰাৰ বাবেও তেওঁ কাম কৰি গৈছিল।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও যশোৱন্ত সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।উল্লেখ্য যে ১৯৬০ চনত সেনাৰ মেজৰ পদ ত্যাগ কৰি যশোৱন্ত সিঙে ৰাজনীতিত যোগ দিছিল।
- Log in to post comments
- 11 views