কৃষক মুক্তি সংগ্রাম সমিতিৰ নতুন আঞ্চলিক দললৈ কি আহ্বান জনালে অখিল গগৈয়ে,পঢ়ক...

Akhil Gogoi

"সদৌ অসম ছাত্ৰ সন্থাই এটা দল,এখন পতাকা,এটা প্ৰতীকৰ নীতিৰ পৰা আঁতৰি অকলশৰে আঞ্চলিক দল গঠনৰ দ্বাৰা ঐতিহাসিক ভুল কৰিলে"-নতুন দল গঠনৰ সন্দৰ্ভত এই গুৰুত্ব পূৰ্ণ অভিমত কৃষক নেতা অখিল গগৈৰ।অসমৰ সৰ্বস্তৰৰ সংকট দূৰ কৰিবলৈ,বিজেপি আৰএছএছক প্ৰতিহত কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থ-পৰিচয়ক সুৰক্ষা দিবলৈ সকলো আঞ্চলিক শক্তি লগ হৈ এটা ঐক্যবদ্ধ শক্তি হোৱাটো একমাত্ৰ পথ আছিল বুলি লগতে তেওঁ কয়।

Letter

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ বাবে অনা কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দিয়া এটা লিখিত অভিমতত লিখিছে এইদৰে-"আছুৱে বিজেপি- আৰএছএছৰ প্ৰকৃত বিপদ বুজি নুঠাটো আৰু 'এটা দল,এখন পতাকা,এটা প্ৰতীক'ৰ নীতিৰ পৰা আঁতৰি গৈ এটা ঐতিহাসিক সুযোগ হেৰুৱালে।অসমীয়া জাতিক সাম্প্ৰদায়িক ফেচিবাদৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰাৰ মূল নীতিটোক অৱহেলা কৰাটো বিজেপিক '২১ৰ নিৰ্বাচনত পৰাস্ত কৰাৰ প্ৰথমটো  ৰণকৌশলগত ভুল ৰূপে পৰিগণিত হ'ব।"আছু নেতৃত্বই বিষয়টো গভীৰতাৰে উপলব্ধি কৰিব লাগে বুলি কৃষক নেতাগৰাকীয়ে পুনৰ আহ্বান জনায়।

ইফালে,কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত গঠন হ'ব লগা নতুন আঞ্চলিক দলৰ সন্দৰ্ভত কৃষক নেতাগৰাকীয়ে কয়- "খৰখেদাকৈ নহয়, সকলোকে সামৰি,সকলো জনগোষ্ঠীৰ সংগঠন,অন্যান্য জাতীয় সংগঠন,সৰু সৰু আঞ্চলিক দল,'কা' বিৰোধী সকলো শক্তি- বিশেষকৈ ছাত্ৰ সমাজ,শিল্পী সমাজ,'কা' বিৰোধী নাগৰিক সমাজ,লেখক,বুদ্ধিজীৱী,জনগণৰ লগত আলোচনাৰ মাধ্যমেৰে এটা ঐক্যবদ্ধ দল গঠন কৰক।"

কৃষক মুক্তিৰ উদ্যোগত গঠন হ'ব লগা আঞ্চলিক দলটোৱে আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন দলটোৰ আৰু অন্যান্য আঞ্চলিক শক্তিৰ লগত আঞ্চলিক ঐক্যমঞ্চ গঠনৰ আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰখাৰো আহ্বান জনায় কাৰবন্দী কৃষক নেতাগৰাকীয়ে।

Your Comments