১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত নামৰূপত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে ইতিমধ্যে ৩১টা বৰ্ষ অতিক্ৰম কৰিছে । তদুপলক্ষে অহা ৬ ছেপ্টেম্বৰত তেজপুৰৰ জ্যোতি-ভাৰতীত সদৌ অসম কবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু শাখাসমূহৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদ্যাপন কৰা হ'ব ।
সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই সন্মিলনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিবলগা অনুষ্ঠানটিত ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰিব শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াই ।
১০.৩০ বজাৰ পৰা আৰম্ভ হ'বলগা 'কবিতাৰ সমাহাৰ' শীৰ্ষক কাব্যপাঠৰ অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট কবি দিলীপ ফুকনে আৰু সঞ্চালনা কৰিব ডাঃ হৰেণ শইকীয়াই ।
১.০০ বজাৰ পৰা আৰম্ভ হ'বলগা মুকলি সভাত নীলকান্ত শইকীয়াই সভাপতিত্ব কৰিব আৰু আদৰণী ভাষণ প্ৰদান কৰিব সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে ।
শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই উদ্বোধন কৰিবলগা সভাখনতেই সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত সন্মানীয় ব্যক্তি ক্ৰমে প্ৰদীপ ভাগৱতী, নৰেন শৰ্মা, গুণকান্ত বৰুৱা, নগেন কোঁৱৰ, নৰহৰি চুতীয়া আৰু আতৰ আলী চৌধুৰীক সম্বৰ্ধনা জনোৱা হ'ব ।
মুকলি সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট কবি তৰুণ বৰুৱা, আমন্ত্ৰিত অতিথিৰূপে অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা আৰু শোণিতপুৰ জিলা নিৰ্বাচনী বিষয়া প্ৰবীৰ কুমাৰ দত্ত আৰু বিশিষ্ট অতিথিৰূপে প্ৰাক্তন সভাপতি প্ৰেম গগৈ, জুলিয়ানা বেগম, আনিছ উজ জামান, ডঃ মাণিক শইকীয়া, প্ৰাক্তন প্ৰধান সম্পাদক দেৱজিৎ কুমাৰ দত্ত, হেম নাৰায়ণ দত্ত, পৰাগজ্যোতি মহন্ত, হৰেণ গগৈ, গংগামোহন মিলি আৰু বিশিষ্ট কবি মহেশ্বৰ বৰা উপস্থিত থাকিব ।
উক্ত অনুষ্ঠানতেই অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে উন্মোচন কৰিব স্মৃতিগ্ৰন্থ আৰু কাব্য সংকলন 'জনান্তিকৰ শব্দ' । ইয়াৰ পাছতেই অনুষ্ঠিতব্য কাব্যপাঠৰ অনুষ্ঠান সঞ্চালনা কৰিব বিশ্বনাথ জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি বংশী বৰাই ।
শোণিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক অপূৰ্ব বৰাৰ শলাগৰ শৰাইৰে সামৰণি পৰিবলগা মনোজ্ঞ অনুষ্ঠানটিলৈ অসমৰ সকলো কবি আৰু কাব্যানুৰাগীৰ উপস্থিতি কামনা কৰিছে সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক মদাৰজ্যোতি আৰু অচ্যুত কুমাৰ বৰাই ।
- Log in to post comments
- 50 views