গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক-স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষাৰ নতুন নিৰ্দেশনা জাৰি,পঢ়ি লওঁক...

Aasu

*অনলাইন-অফলাইন দুয়োটা পদ্ধতিত অনুষ্ঠিত হ'ব পৰীক্ষা-গুৱাহাটী বিশ্ববিদ্যালয়*

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ নতুন জাননী জাৰি।অনলাইন পদ্ধতিত স্নাতকোত্তৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে স্নাতক বৰ্ষৰ পৰীক্ষাসমূহ অনলাইন-অফলাইন দুয়োটাৰ পদ্ধতিত অনুষ্ঠিত হ'ব।ক'ৰ'না মহামাৰীৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।শীঘ্ৰে এছঅ'পি প্ৰকাশ কৰিব পৰীক্ষা নিয়ন্ত্ৰকে।

Pic

গুৰুত্বপূৰ্ণ নিৰ্দেশনাত প্ৰকাশ কৰা মতে ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা।

উল্লেখ যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ নেতৃত্বত মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰিছিল 'আছু'ৰ প্ৰতিনিধি দলে।উপাচাৰ্যগৰাকীক আছুৰ নেতৃত্বই স্নাতক-স্নাতকোত্তৰ পৰীক্ষা অনলাইন-অফলাইন উভয় পদ্ধতিত "অপেন বুক পৰীক্ষা" অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল।একেদৰে প্ৰয়োজন অনুসৰি পাঠ্যক্ৰম শিথিল কৰাৰ পৰামৰ্শ দিছিল আছুৰ প্ৰতিনিধি দলটোৱে।উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এই নতুন নিৰ্দেশনা।

Your Comments