অতুল বৰাক অগপৰ সভাপতি পদৰ পৰা অপসাৰণৰ নিৰ্দেশ আদালতৰ

Atul Bora

*ন্যায়ালয় অৱমাননাৰে সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা অগপ জ্যেষ্ঠ নেতা কেশৱ-ফণীলৈ আদালতৰ চমন*

*বৈঠকত উপস্থিত থকা সকলোৰে স্বাক্ষৰ, চিচিটিভি ফুটেজ কৰিব লাগিব সংৰক্ষণ*

অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠক স্থগিতাদেশৰ নিৰ্দেশ বাহাল ৰাখিলে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।উল্লেখ যে কামৰূপ(ম) অগপৰ জিলা সমিতিৰ তিনিগৰাকী সদস্যই যোৱা ২৭ আগষ্টত অনুষ্ঠিত হোৱা অগপৰ সাধাৰণ পৰিষদৰ বৈঠকৰ স্থগিতাদেশ বিচাৰি ন্যায়ালয় দ্বাৰাষ্ঠ হৈছিল।উক্ত আবেদনৰ ভিত্তিত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে সাধাৰণ পৰিষদৰ বৈঠকখনত স্থগিতাদেশ নিৰ্দেশ প্ৰদান কৰিছিল।কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি অগপ কাৰ্যলয়ত ২৭ আগষ্টত আগবেলা ভাগতে বৈঠক সম্পূৰ্ণ কৰি অতুল বৰাক দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।বৰা সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কৈছিল যে এইদৰে ন্যায়ালয়ৰ নিৰ্দেশ আমি বৈঠক সম্পূৰ্ণ হোৱাৰ পিছত লাভ কৰিছোঁ।বৰা সভাপতি নিৰ্বাচিত হোৱাৰ পিছত আদালতৰ নিৰ্দেশনাৱলী আমাৰ হাতত পৰিছে। 

AGP

গুৰুত্বপূৰ্ণ যে আদালতৰ নিৰ্দেশ অমান্য কৰি বৈঠক অনুষ্ঠিত কৰাৰ বাবে কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীলৈ আদালতে জাৰি কৰিছে চমন।বৈঠকত উপস্থিত থকা উপস্থিতিৰ বহী,  প্ৰচিডিং বুক আৰু চিচিটিভি ফুটেজ সংৰক্ষণ কৰাৰ নিৰ্দেশ আদালতৰ।

ইফালে,নিৰ্ধাৰিত সময়ৰ পূৰ্বে বৈঠকখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি সেইদিনা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই মত প্ৰকাশ কৰি বৈঠকখনক বেআইনী বুলি অভিহিত কৰিছিল। 

গুৰুত্বপূৰ্ণ যে ন্যায়ালয়ে অতুল বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে। লগতে বৈঠকত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল,সকলো সিদ্ধান্ত বাতিল কৰা নিৰ্দেশ প্ৰদান আদালতৰ।অগপৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।

Your Comments