"১ অক্টোবৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত আৰম্ভ হ'ব শ্রেণী"-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ 'আনলক-৪'ত বিদ্যালয় খোলাৰ নিৰ্দেশনা অসমত ৰাজ্য চৰকাৰে ১ অক্টোবৰৰ পৰা প্ৰয়োগ কৰাৰ কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।"১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব পূৰ্ব ঘোষণা মতে অনানুষ্ঠানিক পাঠদান।এই সময়ত আমাৰ ছাত্ৰ- ছাত্ৰীসকল কিমান নিৰাপদ হ'ব তাৰ বাবে পৰীক্ষামূলকভাৱে দ্বাদশ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ শ্রেণীৰ পাঠদান কৰা হ'ব।ছাত্ৰ- ছাত্ৰী কভি'ডত আক্রান্ত হ'লে মুকলি নহ'ব শ্রেণী"- মন্ত্ৰী শৰ্মাই কয়।

উল্লেখ যে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় মুকলি কৰাৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা।

ৰাজ্যত পহিলা ছেপ্টেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকিব লাগিব বিদ্যালয়ত।

গুৰুত্বপূৰ্ণ যে অক্টোবৰৰ পৰা নৱম শ্রেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত শ্রেণী আৰম্ভ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Your Comments