*১০০ বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাৰ অনুদান ঘোষণা মন্ত্ৰী শৰ্মাৰ*
'অসম দৰ্শন আঁচনি'ৰ অধীনত ৰাজ্যৰ ৮ হাজাৰ নামঘৰলৈ আৰ্থিক অনুদান ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।প্ৰতিটো নামঘৰত ২.৫০ লাখ টকাকৈ আগবঢ়াব পুঁজি।প্ৰতিটো সমষ্টিত প্ৰথম পৰ্যায়ত ৫৫ টাকৈ নামঘৰত দিয়া হ'ব এই অনুদান।সমষ্টিৰ অতি পুৰণি নামঘৰটোক দিয়া হ'ব প্ৰথম অগ্ৰাধিকাৰ।জিলা উপায়ুক্তই প্ৰস্তুত কৰিব নামঘৰৰ তালিকা।জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘোষণা মন্ত্ৰী শৰ্মাই এই ঘোষণা কৰে।
উল্লেখ যে আঁচনিত মন্দিৰ,মছজিদ,গীৰ্জা আদি ধর্মীয় অনুষ্ঠানসমূহ অন্তৰ্ভুক্ত নহ'ব।অক্টোবৰৰ প্ৰথম সপ্তাহত কৰা হ'ব আঁচনিৰ আৰম্ভণি।গুৰুত্বপূৰ্ণ যে ৭হাজাৰ নামঘৰ জিলা উপায়ুক্তসকলে নিৰ্ধাৰণ কৰিব আৰু এহাজাৰ ৰাজ্য চৰকাৰে।চৰকাৰে নিৰ্ধাৰণ কৰিব লগা নামঘৰৰ ভিতৰত প্ৰৱাসী অসমীয়াই বহি :ৰাজ্যত স্থাপন কৰা নামঘৰসমূহক সামৰি লোৱাৰ চেষ্টা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ৰাজ্যৰ ৩৭৭ টা ১০০ বছৰৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকালৈ আৰ্থিক অনুদান দিয়াৰ বাবে পুঁজিৰ অনুমোদন জনোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।
- Log in to post comments
- 62 views