ঘটনাৰ ২৪ ঘণ্টা উকলিল,জুবিন আক্ৰমণৰ ৬ অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ দিছপুৰ আৰক্ষী

Pic

নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ আক্ৰমণত অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ দিছপুৰ আৰক্ষী।ঘটনা সংঘটিত হোৱাৰ ২৪ঘণ্টাৰ পিিছতো আৰক্ষীয়ে লাভ কৰা হীৰকজ্যোতি ৰাজবংশীসহ অন্য পাঁচ অভিযুক্তৰ সন্ধান।বৃহস্পতিবাৰে নিশা        প্ৰায় ১২.৪০ বজাত জু-ৰোডস্থিত ষ্টুডিঅ'ৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত গণেশগুৰিৰ ব্লু'মুন লজৰ সমীপত শিল্পীগৰাকীক অপদস্থ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে।

উল্লেখ যে আক্ৰমণকাৰীৰ সম্পূৰ্ণ তথ্য লাভ কৰিছে আৰক্ষীয়ে।এনএছইউআইৰ কামৰূপ(ম) জিলা সমিতিৰ উপ-সভাপতি হীৰকজ্যোতি ৰাজবংশী,অৰূপ কলিতাসহ অন্য চাৰিজন যুৱকে শিল্পীগৰাকীক পথত আগভেটি ধৰি অপদস্থ কৰিছিল।ঘটনাত জড়িত অভিযুক্তৰ তথ্য দিছপুৰ আৰক্ষীয়ে লাভ কৰিছে যদিও কোনে ক'ত আত্মগোপন কৰি আছে,কোনো সম্ভেদ লাভ কৰা নাই।

আনহাতে,অভিযুক্তক গ্ৰেপ্তাৰৰ সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয়- "গ্ৰেপ্তাৰৰ বাবে অভিযান চলি আছে।ঘৰে ঘৰে গৈ অভিযুক্তক বিচৰা হৈছে।পলাতক অৱস্থাত আছে।"

তাপৰ্যপূৰ্ণ কথা এই যে ঘটনাৰ সংঘটিতত হোৱা পাছতে শিল্পী জুবিনে দিছপুৰ থানাত দাখিল কৰিছিল এজাহৰ।

Your Comments