'অৰুণোদয় আঁচনি'ৰ জড়িয়তে ৰাজ্যৰ ১৭ লাখ পৰিয়ালক মাহে ৮৩০ টকাকৈ দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

Dr.Himanta Biswa Sarma

*দুই অক্টোবৰৰ পৰা আগন্তক পাঁচ বছৰলৈ কাৰ্যকৰী হ'ব এই আঁচনি-ডঃ হিমন্ত বিশ্ব শৰ্মা*

অসম বিধানসভাৰ বিত্ত বাজেটৰ 'অষ্টাদশ উন্নয়নৰ মুকুতা মালা'ৰ অধীনত ২ অক্টোবৰ(গান্ধী জয়ন্তী)ৰ দিনটোৰ পৰা ৰাজ্যত কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি।ৰাজ্যৰ ১৭ লাখ নিম্ন মধ্যবিত্ত-দৰিদ্ৰ পৰিয়াল অন্তৰ্ভুক্ত হ'ব আঁচনিত।এই ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

"মোৰ ৰাজনৈতিক জীৱনত একক অনন্য আৰু সৰ্ববৃহৎ এইখন আঁচনি"-মন্ত্ৰী শৰ্মাই  উল্লেখ কৰে।নিম্ন মধ্যবিত্ত-দৰিদ্ৰ শ্ৰেণীৰ অৰ্থনৈতিক উত্থান এই আঁচনিৰ জড়িয়তে আৰম্ভ হ'ব বুলি মন্ত্ৰী শৰ্মাই কয়।

জনতা ভৱনত বুধবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয়-"দুই অক্টোবৰত কাৰ্যকৰী হ'ব লগা আঁচনিখনৰ বাবে হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া ১৭আগষ্টৰ পৰা প্ৰত্যেক জিলাত আৰম্ভ হ'ব।হিতাধিকাৰী নিৰ্বাচিত কৰাৰ বাবে জিলা পৰ্যায়ত গঠন হ'ব কমিটী।আগন্তক পাঁচ বছৰৰ বাবে আঁচনি অনুসৰি ৮৩০টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে।গুৰুত্বপূৰ্ণ যে বিহু-পূজা আদি কৰি কোনো কোনো মাহত ইয়াৰ পৰিমাণ সামান্য বৃদ্ধিও হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন সমষ্টিৰ ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয়-"দুই লাখৰ কম ভোটাৰ থকা সমষ্টিত ১৫হাজাৰ,দুই লাখৰ অধিক ভোটাৰ থকা সমষ্টিত ১৭ হাজাৰ হিতাধিকাৰী আঁচনিত অন্তৰ্ভুক্ত হ'ব।অৰ্থাৎ প্ৰতি সমষ্টিত এক তৃতীয়াংশ পৰিয়ালে লাভ কৰিব আঁচনিৰ সুবিধা।

আঁচনিৰ বাবে ২১০ কোটি টকা প্ৰতি মাহত ব্যয় হ'ব চৰকাৰৰ।

"আঁচনিৰ বাবে হিতাধিকাৰী হ'ব লাগিব মহিলা।মহিলাগৰাকীৰ বেংক একাউণ্টত জমা হ'ব টকা।পৰিয়ালটোৰ অন্য সদস্যসকলে মহিলাগৰাকীক নিৰ্বাচন কৰি দিব"-মন্ত্ৰী শৰ্মাই লগতে কয়।

Your Comments