*৭৪সংখ্যক স্বাধীনতা দিৱসৰ যুদ্ধকালীন তৎপৰতাৰে চলিছে জজ ফিল্ডত প্ৰস্তুতি*
ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে অহা ১৫ আগষ্টত দেশত পালন কৰা হ'ব ৭৪সংখ্যক স্বাধীনতা দিৱস।সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড-১৯ৰ বাধ্যবাধকতাৰ মাজেৰে অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস।অন্য বৰ্ষৰ দৰে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত এইবাৰো কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব স্বাধীনতা দিৱস।ঐতিহাসিক জজ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে পালন কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ আয়োজন যুদ্ধকালীন তৎপৰতাৰে চলিছে।উল্লেখ যে পূৰ্বে অনুষ্ঠিত কৰা খানাপাৰা খেলপথাৰত এইবাৰ ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰাৰ বাবে জজ ফিল্ডত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উত্তোলন কৰিব দেশৰ জাতীয় পতাকা।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জজ খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে স্বাধীনতা দিৱস আয়োজনৰ বাবে। মাজত আৰু চাৰিটা দিন বাকী থকা অৱস্থাত প্ৰস্তুতি প্ৰায় ৫০% সম্পূৰ্ণ হৈ উঠিছে।গুৰুত্বপূৰ্ণ যে সামাজিক দূৰত্ব মানি পালন কৰা হ'ব ৭৪সংখ্যক স্বাধীনতা দিৱস।পূৰ্বৰ দৰে নাথাকিব সাংস্কৃতিক কোনো কাৰ্যসূচী।বাতিল কৰা হৈছে ছাত্ৰ-ছাত্ৰীৰ সকলো অনুষ্ঠান।
তাৎপৰ্যপূৰ্ণ কথা হৈছে পূৰ্বৰ দৰে জনসমাগম নহ'ব এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত।প্ৰায় ২০০ লোকৰ বাবে নিৰ্মাণ কৰা হৈছে জজ ফিল্ডৰ পেণ্ডেল।কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতাত চলি আছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি।
উল্লেখ যে বহু বছৰৰ পিছত জজ ফিল্ডত অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস।ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জজ ফিল্ডত পতাকা।
- Log in to post comments
- 23 views