গুৱাহাটী মহানগৰীত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাৰ বিশেষ আহ্বান।১৯জুন অৰ্থাৎ শুকুৰবাৰৰ পৰা গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা ৰখাৰ বাবে ব্যৱসায়ীসকললৈ আহ্বান।
মহানগৰীত যাতে ক'ৰনা ভাইৰাছৰ সংক্ৰমণ অধিক হ'ব নোৱাৰে,তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰতি দেওবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে সন্থাৰ সভাপতি কমল ভৰালী আৰু সম্পাদক প্ৰাণতোষ ৰয়ে।
প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে সামাজিক দূৰত্ব ৰক্ষা কৰি মাস্ক পৰিধান আৰু ছেনিটাাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী বুুলি উল্লেখ কৰিছে।
ইফালে,গুৰুত্বপূৰ্ণ যে কামৰূপ চেম্বাৰ্ছ অব কমাৰ্চে ব্যৱসায়িক প্ৰতিষ্ঠানসমূয় মুকলি কৰাৰ বাবে সময় বান্ধি দিছে পুৱা ৯বজাৰ পৰা সন্ধিয়া ৫ বজালৈ।
- Log in to post comments
- 36 views