ৰাজ্যত নৱমজন ক'ৰ'না আক্রান্তৰ মৃত্যু

Corona

ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও।পুনৰ ক'ৰ'নাত আক্রান্ত এজন যুৱকৰ মৃত্যু হৈছে।মৃত্যু হোৱা যুৱকজনৰ ঘৰ কাৰ্বি আংলঙৰ ডিফুত।

বুধবাৰে সন্ধিয়া মৃত্যু হোৱা যুৱকজনৰ নাম হৈছে সঞ্জয় খাকলাৰী।শ্বাস-প্রশ্বাসৰ সমস্যাত পৰা আক্রান্ত যুৱকজনক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসালয়তে মৃত্যু হয় যুৱকজনৰ।উল্লেখ যে বহি:ৰাজ্যৰ পৰা অহা যুৱকজনৰ মৃত্যুৰ পিছতে নিশ্চিত হৈছে ক'ৰ'নাত আক্রান্ত হোৱাৰ কথা।কোৱাৰেণ্টাইনত থকা যুৱকজনৰ আজি স্বাৱ পৰীক্ষা ফলাফল।

ইফালে মৃত যুৱকজনৰ নিজ গাঁও লাংহিতে কৰা হ’ব সৎকাৰ।প্রশাসনে জনালে যুৱকজনৰ সৎকাৰৰ কথা।

যোৱা ১৬ জুনত যুৱকজন চেন্নাইৰ পৰা বিমানেৰে আহিছিল গুৱাহাটীলৈ।গুৱাহাটীৰ পৰা নিশাই উপস্থিত হৈছিল কাৰ্বি আংলং জিলাৰ পাৰখোৱাত।স্বাৱ সংগ্রহৰ পিছত যুৱকজন আছিল কোৱাৰেণ্টাইন চেণ্টাৰত।

ৰাজ্যত ক'ৰ'নাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯জনলৈ বৃদ্ধি পালে।

Your Comments