লাডাখ সীমান্তত মাতৃভূমি ৰক্ষা কৰিবলৈ শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকললৈ গুৱাহাটীত এবিভিপিৰ শ্ৰদ্ধাঞ্জলি

Abvp

লাডাখ সীমান্তত মাতৃভূমি ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা ২০ গৰাকী ভাৰতীয় বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় গুৱাহাটীত।মহানগৰীৰ উলুবাৰীত অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ মহানগৰ জিলা শাখাই বন্তি,মম প্ৰজ্বলন কৰি ভাৰতীয় বীৰ শ্বহীদসকলক    শ্ৰদ্ধা জনায়।ভাৰত মাতা কী জয়,বন্দে মাতৰম আদি ধ্বনি প্ৰদান কৰি বীৰ শ্বহীদসকলক শ্ৰদ্ধা জনায়।

Abvp

উল্লেখ্য যে যোৱা সোমবাৰে চীনৰে সংঘাতত ২০জনলৈ ভাৰতীয় জোৱান শ্বহীদ হৈছিল।ভাৰতীয় জোৱানৰ প্ৰত্যুত্তৰত চীনৰ ৩৫জনকৈ সেনাৰ মৃত্যু হোৱা বুলি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ইতিমধ্যে নিশ্চিত কৰিছে।

Your Comments