গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত ভয়ংকৰ জল বিস্ফোৰণ

Jaica

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এটা জল বিস্ফোৰণ।'জাইকা' প্ৰকল্পৰ পানীৰ পাইপ ফাটি ৫ ফুট ওপৰলৈ উঠিল পানী।বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল  সম্পূৰ্ণৰূপে ফাটি গ'ল পথছোৱা।বিস্ফোৰণ হোৱা ঠাইখিনিত সৃষ্টি হ'ল ৬ ফুট দ গাঁঁত।পানীৰ পাইপ ফাটি যোৱাৰ বাবে সমগ্ৰ ৰাজপথছোৱা ডুব গ'ল পানীত।পাইপৰ পৰা নিৰ্গত হোৱা পানীত মুহূৰ্ততে কাষতে থকা লতাশিল থানাৰ লগতে উচ্চ ন্যায়ালয়ৰ সমীপৰ পথসমূহ কিছু সময়ৰ বাবে পানীত বুৰ যায়।

উল্লেখ যে জাইকাই গুৱাহাটীত পানী যোগানৰ পৰীক্ষা কৰি আছিল।পৰীক্ষাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

জাইকাৰ মূল উৎসত পানী বন্ধ কৰাৰ পিছতে পানী ওলোৱা বন্ধ হয় বিস্ফোৰিত অংশটোৰ পৰা।

সাময়িক ভাবে বন্ধ কৰি দিয়া হয় দিঘলীপুখুৰী পাৰৰ পথচোৱা।

Your Comments