ৰাজ্যত ক'ৰ'না ভাইৰাছ আক্রান্তৰ সংখ্যাৰ দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হৈছে পৰীক্ষাৰ সংখ্যা।৭টাকৈ পৰীক্ষা কেন্দ্ৰ তথা পৰীক্ষাগাৰত সম্পন্ন কৰা হৈছে ৫৫,৮৬২টা ক'ৰ'নাৰ চেম্পুল টেষ্ট।এই কথা সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।শৰ্মাই প্ৰকাশ কৰা অনুসৰি যোৰহাট মেডিকেল কলেজ হাস্পতালত ৬৩৩৪ টা, শিলচৰ মেডিকেল কলেজ হাস্পতালত ৫১৪০টা,গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ১৫৮০৭টা, অসম মেডিকেল কলেজ হাস্পতালত ২৫০২টা,তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৬৭১৬টা, ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত ১২০৯৬টা আৰু চাবুৱা আঞ্চলিক পৰীক্ষা কেন্দ্ৰত ৭২৬৭টা পৰীক্ষা সম্পন্ন কৰিছে।
গুৰুত্বপূৰ্ণ যে কেৰেলাত ৫২৭৭১টা পৰীক্ষা সম্পন্ন হৈছে।তাৰ তুলনাত অসমত পৰীক্ষা বৃদ্ধি পাইছে।এই কথা অৱগত কৰিলে মন্ত্ৰী ড: শৰ্মাই।
- Log in to post comments
- 16 views