দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি বাতিল আৰু অবৈধ খনন বন্ধ কৰাৰ দাবী:১২ টা সংগঠনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

Pic

দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদানৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ  প্ৰতিবাদ।ক'ৰ'না আতংকৰ মাজতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে ৰাজ্যৰ সচেতন নাগৰিকসকল।লকডাউন মানি চলি ৰাজ্যৰ জনতাই  এই অনুমতি প্ৰদানৰ মুকলিকৈ বিৰোধিতা কৰিছে।সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ একাংশ দল- সংগঠন ঐক্যবদ্ধ হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ মুক্ত কয়লা খননৰ অনুমতি বাতিলৰ দাবীৰে ৰাজ্য ১২ টাকৈ সংগঠনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।সংগঠনকেইটা হৈছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ,স্বৰাজ অসম,জীপাল কৃষক শ্ৰমিক সংঘ,তাই আহোম যুৱ পৰিষদ, দুৰ্নীতি বিৰোধী মানৱ অধিকাৰ সুৰক্ষা মঞ্চ, সদৌ অসম গৰীয়া পৰিষদ,সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, শবৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম উন্নয়ন পৰিষদ,সদৌ অসম একতা যুৱ পৰিষদ,তাই আহোম মহিলা পৰিষদ আৰু সদৌ কলিতা ছাত্ৰ সন্থা।

স্মাৰকপত্ৰ প্ৰেৰণ কৰি অনুসূচিত জাতি যুৱ- ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয়- "কোনো কাৰণতে দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদানক মানি লোৱা নহ'ব।"বনাঞ্চলখনত চলি থকা অবৈধ কয়লাৰ খনন বন্ধ কৰাৰ বাবে স্মাৰকপত্ৰত  উল্লেখ কৰিছে সংগঠনকেইটাই।

চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে আৰু অবৈধ কয়লা খনন বন্ধ নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনকেইটাই জানিবলৈ দিয়ে।

Your Comments