ভাল খবৰ:গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ক'ৰ'না আক্রান্ত ছাত্ৰী সুস্থ

Pic

ক'ৰ'না আতংকৰ মাজতে আছে ভাল খবৰ।গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ক'ৰ'না আক্রান্ত ছাত্ৰী দীপা ডেকা সুস্থ।সুস্থ দীপাক শনিবাৰে চিকিৎসালয়ৰ পৰা দিয়া হয় ৰিলিজ।জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰিও শনিবাৰৰ দিনটোত অন্য দুগৰাকী আক্রান্ত সুস্থ হৈ উঠাত যাবলৈ দিয়া হয় ঘৰলৈ।ৰাজ্যত বৰ্তমান সুস্থ হৈ উঠিছে মুঠ ৫৭জন।মৃত্যু হৈছে ৪জনৰ।আনহাতে,বৰ্তমান সময়লৈকে ৰাজ্যত মুঠ আক্রান্ত হৈছে ৩২৯জন।

Your Comments