প্ৰসংগ দিহিং পাটকাই:'আমাৰ সম্পদৰ ওপৰত চলোৱা লুণ্ঠন বন্ধ কৰক'-ৰুবুল দাস

Pic

অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত চলোৱা লুণ্ঠনৰাজক গৰিহণা অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ।শেহতীয়াভাৱে দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত  কয়লাৰ মুক্ত খননৰ বাবে দিয়া অনুমতিক সমালোচনা কৰি দাসে কয়-"কয়লা লুণ্ঠন কৰিব বিচৰা কাৰ্যক সহজভাৱে গ্ৰহণ কৰা নহ'ব।আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত চলোৱা লুণ্ঠন বন্ধ কৰক বিজেপিয়ে।"

দিহিং পাটকাইক ধ্বংস কৰি কোনো কাৰণত কয়লা নিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি দাসে কয়-"লকডাউনৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰি চোৰৰ দৰে নিশা কাৰ্ফিউ চলি থকাৰ মাজতো অবৈধভাৱে কয়লা সৰবৰাহ কৰি থকা বন্ধ কৰিব লাগিব।সকলো হিচাপ দিব লাগিব অসমৰ জনতাক।"

গুৰুত্বপূৰ্ণ যে লকডাউনৰ মাজতে দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি দিছিল কেন্দ্ৰই।তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া।

Your Comments