গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত দুৰ্দশা বহি:ৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা যাত্ৰীৰ।স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাতিৰে পৰা বৰষুণত তিতি-তিতি পাতিব লগা হ'ল শাৰী।
উল্লেখ যে যোৱা নিশাৰে পৰা হোৱা প্ৰৱল বৰষুণৰ বাবে বহি:ৰাজ্যৰ পৰা অহা শ্ৰমিক তথা ছাত্ৰ-ছাত্ৰীসকলে ক'ৰ'না পৰীক্ষাৰ বাবে বৰষুণতে দীঘলীয়া শাৰী পাতি কৰাব লগা হয় স্বাস্থ্য পৰীক্ষা।
গুৰুত্বপূৰ্ণ যে যাত্ৰীসকলৰ সুবিধাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা।যাৰ ফলত বস্তা,গামোচা, পলিথিন মূৰত লৈ বহি:ৰাজ্যৰ পৰা ওভতি অহা অসমসন্তান সকলে নিজকে বচোৱাৰ চেষ্টা কৰে।
বৰষুণৰ বাবে যাত্ৰীসকলে পাহৰি পেলা সামাজিক দূৰত্বৰ কথা।
উপস্থিত যাত্ৰীৰ ক্ষোভ-'লাখ লাখ টকা খৰচ কৰাৰ কথা কৈছে, কিন্তু ত্ৰিপালএখনৰো ব্যৱস্থা কৰিব পৰা নাই।বৰষুণত তিতি তিতি আমাৰ জ্বৰ-কাহ হোৱাটো স্বভাৱিক।'
আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সমাজকর্মী মীৰা বৰঠাকুৰে কয়-"চৰকাৰৰ দায়িত্বহীনতাৰ বাবে এইসকল যাত্ৰী বেমাৰত পৰিব।কোটি কোটি টকা উঠিছে,তাৰ পিছতো কিয় সাধাৰণ ত্ৰিপাল এখনৰ ব্যৱস্থা কৰিব পৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে।বতৰ বিজ্ঞান কেন্দ্ৰই বাৰে বাৰে কৈ থকাৰ পিছতো কিয় ব্যৱস্থা লোৱা নাই চৰকাৰে।"
- Log in to post comments
- 27 views