দিহিং পাটকাইত কয়লাৰ।মুক্ত খননৰ সিদ্ধান্তক মুকলি বিৰোধিতা থাওৰা সমষ্টিৰ প্ৰাক্তন কংগ্রেছ বিধায়ক সুশান্ত বৰগোঁহাইৰ।তেওঁ কয় যে পৰিৱেশ বিনষ্ট কৰিব পৰা প্ৰতিটো কামৰ বিৰোধিতা কৰিছোঁ আৰু কৰিম।দিহিং পাটকাইখন কেৱল ভাৰতবৰ্ষ নহয়,পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব পৰা বর্ষাৰণ্য।
চৰকাৰে যিদৰে কয়লাৰ পিছত লাগিছে,সেই কয়লাৰ জড়িয়তে অসমৰ মান-সন্মান নাথাকে।আজি কয়লাৰ ঠাইত তেওঁলোকে যদি চাহ উদ্যোগটোক গুৰুত্ব দিলে হয়,অসমৰ মান -সন্মান থাকিলে হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয়-"চাহ উদ্যোগটো আজি যিটো পৰ্যায়লৈ গতি কৰিছে,বহুত মালিকে চাহ বাগান বিক্ৰী কৰি পলাব লগা হৈছে"।
"ডাঙৰ ডাঙৰ উদ্যোগসমূহে কয়লা ব্যৱহাৰ কৰিবলৈ এৰি দিছে প্ৰদূষণৰ কথা চিন্তা কৰি।সৰু সৰু ইটাভাটা জাতীয় উদ্যোগসমূহৰ লগতহে জড়িত কয়লা"-লগতে তেওঁ কয়।
বৰ্তমান চৰকাৰখনে ডাঙৰ ডাঙৰ উদ্যোগসমূহৰ লগত লগ হৈ এইসমূহ কাম কৰি যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।
- Log in to post comments
- 23 views