দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিশেষ স্মাৰকপত্ৰ প্ৰেৰণ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।পত্ৰ প্ৰেৰণ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতে সমগ্ৰ অসম জাঙুৰ খাই উঠিছে।বিশেষকৈ ৰাজ্যৰ যুৱ প্ৰজন্ম সজাগ বুলি তেওঁ উপলব্ধি কৰিছে বুলি উল্লেখ কৰি গগৈয়ে আৰু কয়- "অসমৰ প্ৰাকৃতিক ভাৰসাম্যতা নোহোৱা হ'ব।দেশ তথা দক্ষিণ পূূব এছিয়াৰ ভিতৰতে বিৰল বর্ষাৰণ্য ধ্বংস কৰিব।"
"বন্যপ্ৰাণী,বিশেষকৈ হাতীৰ কৰিদৰ হিচাপে খ্যাত অঞ্চলটো ধ্বংস হোৱাটোৱে সকলোৰে বাবে বিপদ মাতি আনিব"-গগৈয়ে কয়।
কংগ্ৰেছ চৰকাৰৰ শাসনৰ দিনত ২০১২ চনতো অঞ্চলটোত কয়লা খননৰ বাবে অসম চৰকাৰৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ পৰা অনুমতি বিচৰা বুলি উল্লেখ কৰি গগৈয়ে কয়- "সেই সময়ত আমি অনুমতি দিয়া নাছিলোঁ।যাৰ বাবে এই কাম আৰম্ভ কৰিব নোৱাৰিলে।২০০৪ চনত আমি অভয়াৰণ্য হিচাবে স্বীকৃতি দিছিলোঁ।"
দুৰ্ভাগ্যক্ৰমে অসম চৰকাৰৰ বন্যপ্ৰাণী সংৰক্ষণ বিশেষ বৰ্ডে,যিখন বৰ্ডৰ অধ্যক্ষ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,তেওঁ অনুমতি দিয়াৰ বাবে সৰ্বভাৰতীয় বন্যপ্ৰাণী বৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ লগতে কয়।
তেওঁ সকলোলৈ আহ্বান জনায় কয়-"ছেভ দিহিং পাটকাই আন্দোলনত সকলোৱে ওলাই আহক।"
- Log in to post comments
- 31 views