ৰাজ্যজুৰি তীব্ৰ বিৰোধিতাৰ পিছত অৱশেষত দিহিং পাটকাই অভয়াৰণ্য সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।দিহিং পাটকাই পৰিদৰ্শন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ ল'বলৈ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে।উল্লেখ যে লকডাউনৰ মাজতে দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰাৰ সন্দৰ্ভত ৰাজ্যজুৰি প্ৰচাৰ হৈছিল এটা খবৰ।তাৰ পিছতে সচেতন অসমবাসী তথা প্ৰকৃতিপ্ৰেমী সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী তুলিছিল।
ইফালে,মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ সমান্তৰালভাৱে চহকী বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবে চৰকাৰৰ সম্পূৰ্ণৰূপে দায়ৱদ্ধ বুলি উল্লেখ কৰিছে।
- Log in to post comments
- 28 views