গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল:'অন্য জন্তুলৈ সংক্ৰমিত নহয় আফ্ৰিকান ছোৱাইন ফিভাৰ'

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

ভূতৰ ওপৰত দানহ পৰাৰ দৰে ক'ৰ'না মহামাৰীৰ সময়তে অসমৰ গাহৰি পালকৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে আফ্ৰিকান ছোৱাইন ফিভাৰ নামৰ অন্য এক মহামাৰীয়ে।যি ৰোগ দেশৰ ভিতৰত কেৱল অসম আৰু অৰুণাচলতে হৈছে।প্ৰথম অৱস্থাত অসমৰ ধেমাজি,লখিমপুৰ,যোৰহাট,ডিব্ৰুগড়,বিশ্বনাথ আদি ৬ খন জিলাত আৰম্ভ হৈ শেহতীয়াকৈ কামৰূপ মেট্ৰ , মাজুলী আৰু গোলাঘাট জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন সংবাদ মেল অনুষ্ঠিত কৰে।সংবাদ মেলত মন্ত্ৰী বৰাই কয় যে অসমত বৰ্তমান প্ৰায় ৩০ লাখ ঘৰচীয়া আৰু প্ৰায় ৫০ হাজাৰতকৈ অধিক বনৰীয়া গাহৰি আছে।১৯২১ চনত প্ৰথমে আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল এই ৰোগ।পিছলৈ ইউৰোপলৈ সম্প্ৰসাৰিত হৈ চীন আৰু চীনৰ গাতে লাগি থকা অৰুণাচললৈ সম্প্ৰসাৰিত হয়। ইয়াৰ পিছতে অসমৰ ধেমাজিলৈ বিয়পি পৰে।এই ভাইৰাছৰ প্ৰতিষেধক বৰ্তমানলৈ ওলোৱা নাই।অসমত বৰ্তমানলৈ ১৩ হাজাৰ ৩৮২ টা গাহৰিৰ মৃত্যু হৈছে।এই বিষয়ত ভাৰত চৰকাৰে কিছুমান নীতি - নিৰ্দেশনা জাৰি কৰিছে।মন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে যে ক'ৰ'না প্ৰতিৰোধৰ দৰে চাফ-চিকুণতা তথা দূৰত্ব ৰাখি গাহৰিসমূহ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।লগতে মৃত্যু হোৱা গাহৰি প্ৰায় ৬ ফুট দ গাঁত খান্দি ব্লিচিং,নিমখ আদি দি পুতি পেলোৱাৰ নিৰ্দেশ দিয়া হৈছে।অসমত অধিক সংক্ৰমণ নহ'বৰ বাবে ইতিমধ্যে চৰকাৰী টাস্ক ফ'ৰ্চ গঠন কৰাৰ লগতে জিলা পৰ্যায়তো টাস্ক গঠন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।এইটো ৰোগত ৯০ ৰ পৰা ১০০% মৃত্যু নিশ্চিত। গতিকে তেনেক্ষেত্ৰত চৰকাৰে উচিত ক্ষতিপূৰণ দিবৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে।লগতে নমুনা পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।মন্ত্ৰীজনে মন্তব্য কৰে যে ইতিমধ্যে গুৱাহাটীত ৩ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ উপৰিও অসমৰ বাহিৰলৈ  ভূপাললৈ নমুনা পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে পাম আকাৰে পালন কৰা গাহৰিৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম হোৱাৰ লগতে অন্য জন্তুলৈ ইয়াৰ সংক্ৰমণ নহয় বুলিও ব্যক্ত কৰে মন্ত্ৰীজনে।আনহাতে,বৰ্তমান  অসমত  খলকনি তোলা পি এম কিষাণ সন্মান নিধিৰ অনিয়মৰ সন্দৰ্ভত মন্ত্ৰীজনে কয় যে দেশৰ কৃষকৰ বাবে প্ৰস্তুত কৰা এই আঁচনিৰ অনিয়ম সম্পৰ্কে বিগত সময়ত বিভিন্নজনৰ অভিযোগৰ ভিত্তিত তদন্ত কৰা হৈছিল আৰু সেই সময়ত মৰিগাঁৱৰ ডি অ'জনক নিলম্বনো কৰা হৈছিল। দিছপুৰৰ নিয়ন্ত্ৰণৰ বাহিৰত হোৱাত এই তদন্তৰ দায়িত্ব দিল্লীৰ এনআইচিক অৰ্পণ  কৰা হৈছিল।তদন্তৰ আওতাত প্ৰায় ৭ লাখ ৩২ হাজাৰ ৩০৩ জন ভুৱা হিতাধিকাৰীৰ প্ৰমাণ লাভ কৰে।চৰকাৰী নিৰ্দেশ অনুযায়ী এই ক্ষেত্ৰত কৃষি পৰিচালকে প্ৰতিখন গাঁও পঞ্চায়তৰ হিতাধিকাৰীৰ সঠিক তথ্য দাখিল কৰিবলৈ জিলা কৃষি বিষয়ালৈ নিৰ্দেশ জাৰি কৰিছে।ক'ৰ'নাৰ প্ৰভাৱত অসমৰ কৃষকসকলৰ প্ৰথম অৱস্থাত অধিক লোকচানৰ সন্মুখীন হৈছিল যদিও বৰ্তমান কৃষিক্ষেত্ৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে।

Your Comments