নিউজ ডেস্ক :
লকডাউনৰ শিথিলতাৰ পিছতেই গুৱাহাটী মহানগৰীত উদ্ভৱ হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে প্ৰশাসনে গুৱাহাটীক অৰেঞ্জ জন ঘোষণা কৰাৰ সম্ভাৱনা আছে।আজি যিকোনো মুহূৰ্তত বৰ্তমান গ্ৰীণ জনত থকা গুৱাহাটী পৰিৱৰ্তিত হ'ব পাৰে অৰেঞ্জ 'জনলৈ। বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আজিয়ে এই ঘোষণা কৰাৰ সম্ভাৱনা আছে।
উল্লেখ যে অৰেঞ্জ জন ঘোষণা হোৱাৰ লগে-লগেই পূৰ্বৰ প্ৰথম আৰু দ্বিতীয় লকডাউনৰ দৰেই ঘূৰি আহিব কঠোৰতা। গেলামাল,শাক-পাচলি আৰু ঔষধ দোকানৰ বাহিৰে সকলো হয়তো বন্ধ হৈ পৰিব।সকলো ব্যক্তিগত যান-বাহনৰ চলাচলো বন্ধ থকাৰ লগতে হয়তো আন্তজিলা যাতায়তো বন্ধ হৈ পৰিব।
গুৰুত্বপূৰ্ণ কথা এই যে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত ৪ গৰাকীৰ কোভিড-১৯ ৰোগী ধৰা পৰিছে।
- Log in to post comments
- 20 views