বিধ্বস্ত অৰ্থনীতি উদ্ধাৰ:বিশেষ পৰামৰ্শদাতা সমিতিৰে প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী সোণোৱালৰ

Pic

ক'ৰ'না সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষিত লকডাউনে বিধ্বস্ত কৰা ৰাজ্যৰ অৰ্থনীতিৰ পুনৰ উদ্ধাৰৰ বাবে গঠন কৰা বিশেষ পৰামৰ্শদাতা সমিতিৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ বৈঠক  অনুষ্ঠিত কৰা হয়।মুখ্যমন্ত্ৰী সোণোৱালৰ আৱাস গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে ডঃ সুভাষ দাসৰ নেতৃত্বত গঠিত ৮জনীয়া সমিতিখনৰ সদস্যসকল।

ৰাজ্যৰ বিধ্বস্ত অৰ্থনীতি কিদৰে পুনৰ টনকিয়াল কৰিব পৰা যাব,সেই লৈ বিশেষ সমিতিৰ সৈতে এয়া প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰীৰ।

ডঃ দাসৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ত গঠন কৰা সমিতিয়ে উন্নয়নৰ সকলো দিশত যি প্ৰতিবেদন আৰু পৰামৰ্শ দিব,তাৰ ভিত্তিত ৰাজ্য চৰকাৰে গুৰুত্ব দি আগবাঢ়িব।এই বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

অজি পুৱাৰ ভাগত ৰাজ্যৰ পঞ্চায়তৰ সচিব আৰু সভাপতিসকলৰ সৈতে ফোনৰ জৰিয়তে মত বিনিয়ম কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়-"আৰম্ভ হোৱা এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামসমূহ যাতে নিখুঁতভাৱে কৰা হয়।কোনোয়ে যাতে দুৰ্নীতিক প্ৰশ্ৰয় দিব নোৱাৰে,তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰখাৰ নির্দেশ প্ৰদান কৰা হৈছে।"

দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা কোনো ব্যক্তি যাতে এই আঁচনিৰ পৰা বাদ নপৰে,প্ৰাপ্য অধিকাৰৰ পৰা যাতে কোনো বঞ্চিত নহয়,তাৰৰ ওপৰতো গুৰুত্ব দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

পঞ্চায়তত যাতে পুঁজিৰ সৎ ব্যৱহাৰ হয়,তাৰ ওপৰত গুৰুত্বপূৰ্ণ দৃষ্টি ৰাখিব লাগিব।দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

ক'ৰ'নাৰ বিৰুদ্ধে যুঁজ এতিয়াও চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনাই কয়-"এম জি এনেৰেগা আৰু অনান্য কামসমূহ চলি থকাৰ সময়ত সকলোৱে সামাজিক ব্যৱধান ৰক্ষা কৰাটো আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।"

ইফালে,বৈঠকৰ অন্তত সমিতিৰ অধ্যক্ষ দাসে কয়-"দুই-এদিনৰ ভিতৰতে চৰকাৰী সংস্থাসমূহলৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ তথ্যসমূহ বিচাৰি লিখা হ'ব।তাৰ পিছতে কিদৰে আগবাঢ়িব লাগিব আমি ক'ব পাৰিম।"

Your Comments