"ক'ভিড-১৯" আক্ৰান্ত স্থানৰ পৰা শিৱসাগৰলৈ পাচলি সৰবৰাহ বন্ধ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান 

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ দেশত এতিয়া ক'ৰোণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে।যাৰ বাবে সোমবাৰৰে পৰা পৰা পুনৰ সমগ্ৰ দেশতে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে।দেশৰ লগতে ৰাজ্যৰ জিলাসমূহত প্ৰশাসনে ক'ৰোণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছে। শিৱসাগৰ জিলাতো অন্য জিলাৰ পাচলি আমদানি কৰাত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও একাংশ ব্যক্তিয়ে ক'ৰোণা আক্ৰান্ত স্থানৰ পৰা পাচলি আনি জিলাখনত বিক্ৰী কৰি থকাৰ এক গুৰুতৰ অভিযোগ উঠিছে।যাৰ বাবে সোমবাৰে শিৱসাগৰত থলুৱা শাক-পাচলি ক্ৰয়-বিক্ৰয়ৰ সন্দৰ্ভত ভাৰতীয় মজদুৰ সংঘই শিৱসাগৰ জিলা উপায়ুক্তক বিষয়টো দৃষ্টিগোচৰ কৰাৰ লগতে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।সংঘৰ সভাপতি পাৰ্থ প্ৰদীপ বৰা আৰু সম্পাদক ভাস্কৰ দাস স্বাক্ষৰিত    স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈক প্ৰদান কৰে।স্মাৰকপত্ৰত সংঘই এইবুলি উল্লেখ কৰে যে নামনি অসম আৰু মধ্য অসমৰ বহুকেইটা স্থান ইতিমধ্য ক'ভিড-১৯ আক্ৰান্ত স্থান হিচাপে চৰকাৰে ঘোষণা কৰিছে।তেনে স্থানৰ পৰা এচাম দুষ্ট চক্ৰই পাচলি সৰবৰাহ কৰি আছে। এনে সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সংঘই দাবী জনায়।থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত শাক-পাচলিৰ পৰিৱৰ্তে জিলাখনৰ বিভিন্ন স্থানত আবতৰীয়া পাচলি বিক্ৰী কৰি থকা দৃষ্টিগোচৰ হৈছে।এই কাৰ্য অতি ভয়ানক বুলি সংঘই উল্লেখ কৰিছে।চহৰৰ বিভিন্ন স্থানত এনে পাচলি বিক্ৰেতাসকলৰ ওপৰত বিহিত ব্যৱস্থাৰ দাবী জনায়।তদুপৰি,লকডাউনৰ পিছত শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰকে ধৰি জিলাখনৰ দাঁঁতিকাষৰীয়া বজাৰসমূহত চালানি পাচলি বিক্ৰী সম্পূৰ্ণ বন্ধ কৰি কেৱল থলুৱাভাৱে উৎপাদিত পাচলি বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংঘই দাবী জনায়।শাক-পাচলি কিনা বেচাৰ ক্ষেত্ৰত মধ্যভোগী অনা-অসমীয়া ব্যৱসায়ীৰ হস্তক্ষেপ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে শিৱসাগৰৰ পাচলি বজাৰখন অনা অসমীয়া ব্যৱসায়ীৰ কবলৰ পৰা আনি থলুৱা শিক্ষিত ব্যক্তিৰ হাতত গতাবৰ বাবে সুপৰিকল্পনা গ্ৰহণ কৰিবলৈ দাবী জনায়। আনহাতে,বছৰ বছৰ ধৰি ধান খেতি উৎপাদন বন্ধ হৈ থকা চৰকাৰী বাম পথাৰসমূহ পাচলি উৎপাদনৰ পথাৰলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়।তদুপৰি,কেন্দ্ৰীয় বজাৰ তথা আন আন বজাৰসমূহত পাইকাৰী ব্যৱসায়ীক পাইকাৰী ব্যৱসায় আৰু খুচুৰা ব্যৱসায়ী কেৱল খুচুৰা ব্যৱসায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মজদুৰ সংঘই দাবী জনায়।

Your Comments