ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠিত "টাস্ক ফ'ৰ্চ"ত বিশিষ্ট সাংবাদিক-লেখক অদীপ কুমাৰ ফুকন

Pic

ক'ৰ'না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হোৱা অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা "টাস্ক ফ'ৰ্চ"ৰ অন্যতম সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে বিশিষ্ট সাংবাদিক-লেখক অদীপ কুমাৰ ফুকনক।উল্লেখ্য যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন কৰা হৈছে আঠজনীয়া এই টাস্ক ফ'ৰ্চ।যোৱা ২৮ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'ভিড-১৯ পৰৱৰ্তীকালৰ অৰ্থনৈতিক পৰিস্থিতিৰে  মোকাবিলা কৰাৰ সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ অৰ্থনীতিবিদসকলৰ সৈতে কৰা আলোচনামৰ্মে এই টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে।উল্লেখ্য যে বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে ৰাজ্যৰ কৃষি অৰ্থনীতি বিকাশ সন্দৰ্ভত বিগত বহু বছৰ ধৰি মূল্যৱান লেখা-মেলা কৰি আহিছে।তেওঁ ৰাজ্যৰ নৱ-প্ৰজন্মক কৃষিকৰ্মত জড়িত হৈ স্বনিয়োজিত হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ভেটি মজবুত কৰিবলৈ উৎসাহিত কৰি আহিছে। 

Your Comments