"১০ মে'লৈ বঙাইগাঁও জিলাত চলি থাকিব নিষেধাজ্ঞা,১১মে'ত কৰা হ'ব পুনৰীক্ষণ"-মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

ৰাজ্যৰ গ্ৰীণ জ'নত 'লকডাউন' শিথিল হোৱাৰ পিছতে অৰেঞ্জ জ'নত থকা বঙাইগাঁও ভ্ৰমণ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয় ভ্ৰমণ কৰে মন্ত্ৰী শৰ্মাৰ সৈতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা,মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

বঙাইগাঁঁও জিলাখনত ১০ মে’লৈকে অব্যাহত থাকিব সকলো নিষেধাজ্ঞা।যিহেতু বৰ্তমান ক’ৰ'না আক্ৰান্তসকলৰ ফলাফল আহিব অহা ১০ মে’ৰ ভিতৰত।তাৰ পিছতে ১১ মে’ত পৰ্যবেক্ষণ কৰা হ’ব বঙাইগাঁৱৰ পৰিৱেশ।তাৰ পিছতে লোৱা হ'ব পৰৱৰ্তী সিদ্ধান্ত।এই কথা মন্ত্ৰী শৰ্মাই এখন সংবাদ মেলত প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ যে জিলাখনত এই সময়ত গেলামালৰ দোকান,ফাৰ্মাচী আৰু তেল ডিপোহে খুলিব পাৰিব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় যে বানপানীৰ লগত জড়িত কিছু কাম অৱশ্যে চলি থাকিব। 

সংবাদ মেলত মন্ত্ৰী শৰ্মাই জিলাবাসীলৈ আশাৰ বতৰা থকা বুলি উল্লেখ কৰি কয়- "মাণিকপুৰৰ ক’ৰ'না আক্ৰান্ত কিশোৰীগৰাকীৰ দ্বিতীয় পৰীক্ষা ফলাফল নিগেটিভ আহিছে।সম্পূৰ্ণ ফলাফলৰ বাবে ১০ মে’লৈ সকলোৱে অপেক্ষা কৰিবলৈ লাগিব।"

সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয় যে ৫ বছৰৰ তলত সন্তান থকা মাতৃসকল আহিব নালাগে কৰ্মক্ষেত্ৰলৈ।ইয়াৰ ভিতৰত চিকিৎসাকৰ্মী তথা আৰক্ষীসকলো অন্তৰ্ভুক্ত হ'ব।

Your Comments