তৃতীয় পৰ্যায়ৰ 'লকডাউন'ৰ পূৰ্বে ৰাজ্যবাসীক মুখ্যমন্ত্ৰী সোণোৱালে ক'লে-"আমি জয়ী হ'ব লাগিব এই যুঁজত"

Pic

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ 'লকডাউন' সফল কৰি ক'ৰ'নাৰ বিৰুদ্ধে সবল ভূমিকা পালন কৰা ৰাজ্যৰ জনতাক ধন্যবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।ক'ৰ'না বিৰোধী যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্যৰ প্ৰতিগৰাকী চিকিৎসক-নাৰ্ছ তথা চিকিৎসাকর্মীৰ লগতে জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিজন ব্যক্তিৰ ত্যাগক স্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ জনতাক আহ্বান জনাই তেওঁ কয়-"৪ মে'ৰ পৰা ১৭ মে'লৈ চলিব লগা তৃতীয় পৰ্যায়ৰ লকডাউনক অসমবাসী ৰাইজে পূৰ্বৰ দৰে সহযোগ কৰক।জৰুৰীকালীন সেৱা আৰু চিকিৎসা সেৱাত নিয়োজিতসকলক উৎসাহ জনাওঁক।"

তৃতীয় পৰ্যায়ৰ লকডাউন কিছু শিথিল কৰা হৈছে।কিন্তু ৰাইজে মনত ৰাখিব ক'ৰনা বিৰোধী যুঁঁজ শেষ হোৱা নাই।এই যুঁজত জয়ী হ'বলৈ হ'লে আগন্তক ১৪।দিনৰ লকডাউন সফল কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-"জনতাৰ আৰ্থ -সামাজিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থনীতিক কাম-কাজসমূহ নিৰ্দিষ্ট নীতি-নিয়মৰ ভিত্তিত আৰম্ভ কৰিবলৈ লোৱা হৈছে।অৰ্থাৎ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে সামান্য শিথিল কৰা হৈছে।কিন্তু লকডাউন শেষ হোৱা নাই।"

৪ মে'ৰ পৰা আৰম্ভ হোৱা লকডাউন ১৭মে'লৈ প্ৰতিজন ৰাজ্যবাসীয়ে নিষ্ঠাৰে পালন কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

"ক'ৰ'নাক প্ৰতিৰোধ কৰিবলৈ হ'লে সামাজিক দূৰত্ব মানি চলিব লাগিব।লগতে মাক্স পিন্ধি পৰিষ্কাৰ হৈ থাকিব লাগিব।সমাজখনক এই বিষয়ত সজাগ কৰিব লাগিব"-মুখ্যমন্ত্ৰীয়ে কয়।

আনহাতে,ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে এটা শিক্ষাবর্ষ হেৰুৱাব লগা নহয়,তাৰ বাবে আজি ১০ খন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰে বৈঠক মিলিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।তেওঁ কয়-"অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা মতামত গ্ৰহণ কৰি কিদৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আগবঢ়াই নিব পৰা যায়,কম সময়তে ঘোষণা কৰা হ'ব।"

ৰাজ্যবাসীৰ পৰা সহযোগিতা বিচাৰি তেওঁ কয়-"আমি এই যুঁজত জয়ী হব লাগিব।"


গুৰুত্বপূৰ্ণ যে তৃতীয় পৰ্যায়ৰ লকডাউনত ৰাজ্যত বলৱৎ হ'ব লগীয়া নিৰ্দেশনাসমূহ আজি সন্ধিয়া ঘোষণা কৰিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Your Comments