'লকডাউন'ৰ মাজতে আছে এটা ভাল খবৰ। চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঘোষণাৰ বাবে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে প্ৰকাশ কৰা অনুসৰি ২৫ জুনৰ ভিতৰত ঘোষণা কৰ হ'ব চলিত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।পৰীক্ষাৰ্থীৰ ৯০ শতাংশ বহীৰ মুল্যাংকনৰ কাম সম্পূৰ্ণ হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখ যে পূৰ্বতে প্ৰায়ে মে' মাহতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও ক'ৰ'নাৰ বাবে এইবাৰ কিছু পলম হ'ব ফলাফল ঘোষণাৰ।গুৰুত্বপূৰ্ণ যে ফলাফল ঘোষণা কৰোঁঁতে যাতে কোনো ক্ৰুটি ৰৈ নাযায়,তাৰ বাবে কিছু সময় লোৱা হৈছে বহী মূল্যাংকন কৰোঁঁতে।
- Log in to post comments
- 24 views