মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিয় প্ৰেৰণ কৰিলে পত্ৰ?

Pic

ৰাজ্যৰ বিত্ত,স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ গুৰুত্বপূৰ্ণ পত্ৰ।ক'ৰ'না ভাইৰাছৰ  সংক্ৰমণ ৰোধ কৰাৰ বাবে আহ্বান জনোৱা 'লকডাউন'ৰ সময়ত সমষ্টিটোৰ দৰিদ্ৰ জনতাক সহায়ৰ বাবে পুঁজি বিচাৰি  পত্ৰযোগে  আবেদন বিধায়কগৰাকীৰ।বিধায়কগৰাকীয়ে পত্ৰত উল্লেখ কৰিছে এইদৰে-"মাননীয় মন্ত্ৰী,বিত্ত,স্বাস্থ্য ইত্যাদি অসম,গুৱাহাটীলৈ এটি বিনম্ৰ নিবেদন। মৰিয়নী সমষ্টিৰ কৃষিজীৱী, শ্ৰমজীৱী মধ্যবিত্ত লোক তথা চাহ শ্ৰমিক দুখীয়া পৰিয়ালসমূহলৈ ৫০০ টকাকৈ দিবলৈ ১৮০০০ পৰিয়ালৰ বাবে ৯০লাখ টকাৰ প্ৰয়োজন হ'ব,সেয়ে বিধায়ক ফাণ্ড ২০২০-২০২১বর্ষৰ শিতানৰ পৰা অতিশীঘ্ৰে চৰকাৰী মাধ্যমৰে প্ৰত্যেক পৰিয়ালক সাহায্য প্ৰদান কৰক"।

Pic

লগতে বিধায়ক কুৰ্মীয়ে কয় যে  অহা দুুদিনৰ ভিতৰত সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ তালিকা যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত জমা দিয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

Your Comments