কঠোৰ 'লকডাউন'ৰ মাজতে মহানগৰীৰ পাণ্ডুত মানুহ আৰু মানুহ:কিন্তু কিয়?

Pic

প্ৰশাসনৰ বাৰম্বাৰ অনুৰোধৰ পিছতো গুৱাহাটী মহানগৰীত খাদ্য সামগ্ৰী বিতৰণৰ নামত বাৰে বাৰে একাংশই উলংঘা কৰিছে 'লকডাউন'।আৰক্ষী প্ৰশাসনে যিমানেই কঠোৰ হোৱাৰ কথা কৈছে,তালৈ তিলমানো সঁহাৰি নাই একাংশ মহানাগৰিকৰ।

এই দৃশ্য শুকুৰবাৰে মহানগৰীৰ পাণ্ডুৰ।যিসময়ত মহামাৰী ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰতিখন ৰাজ্য চৰকাৰক লকডাউন কঠোৰ কৰাৰ বাবে নিৰ্দেশ দিছে,ঠিক তেনে সময়তে মহানগৰীৰ পাণ্ডুত দেখিবলৈ পোৱা গ'ল এটা ভয়ংকৰ         দৃৃশ্য।সুুব্ৰত দে' নামৰ ব্যক্তি এজনে অঞ্চলটোৰ  কাউন্সিলাৰ শ্যামল চক্ৰৱৰ্তীৰ নেতৃত্বত পাণ্ডুৰ ৪নং ৱাৰ্ডৰ দৰিদ্ৰ জনতাৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণ কৰিছিল।দুৰ্ভাগ্যজনকভাৱে সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত বজাই ৰখা নহ'ল কোনো ধৰণৰ সামাজিক দূৰত্ব।কেইবাশতাধিক লোক খাদ্য-সামগ্রী ল'বলৈ ওলাই আহিল।ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হ'ল ব্যাাপক জনসমাগম।

ইফালে,ব্যাপক সমাগম সৃষ্টি হোৱাৰ পিছতো বহু সময় ধৰি ঘটনাস্থলীত উপস্থিত নহ'ল জালুকবাৰী আৰক্ষী।এই  গুৰুতৰ অভিযোগ অঞ্চলটোৰ সচেতন নাগৰিকসকলৰ।

Your Comments