অসম ৰাজ্যিক চিৰিয়াখানাৰ ইতিহাসত অন্য এক অভিলেখ:প্ৰথমবাৰৰ বাবে কুম্ভীৰে পাৰিলে কণী  

Pic

'লকডাউন'ৰ মাজতে আছে এটা সুখবৰ।অসম ৰাজ্যিক চিৰিয়াখানাৰ ইতিহাসত প্ৰথমবাৰলৈ কুম্ভীৰে পাৰিলে কণী।

যোৱা বর্ষত কাণপুৰৰ পৰা অনা কুম্ভীৰটোৱে কণী পৰা শুকুৰবাৰে প্ৰত্যক্ষ কৰে চিৰিয়াখানা  কৰ্তৃপক্ষই।উল্লেখ্য যে চিৰিয়াখানাখনত প্ৰথমবাৰৰ বাবে ১০টা কণী পাৰিছে  কুম্ভীৰটোৱে।এই কথা প্ৰকাশ কৰিছে চিৰিয়াখানাৰ ডিএফঅ’ তেজছ মৰিস্বামীয়ে।

গুৰুত্বপূৰ্ণ যে লকডাউনৰ বাবে যোৱা ২৪ মার্চৰ পৰা দৰ্শনাথীৰ বাবে বন্ধ হৈ আছে অসম ৰাজ্যিক চিৰিয়াখানাখন।

আনহাতে,কণীকেইটাৰ উৰ্বৰা ক্ষমতা আছে নে নাই,সেয়া বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই চিৰিয়াখানা কৰ্তৃপক্ষই।এই কথা ডিএফঅ'গৰাকীয়ে প্ৰকাশ কৰিছে।

উল্লেখ যে লকডাউনৰ মাজতে কেইদিনমান পূৰ্বে সোণালী বান্দৰে জন্ম দিছিল এটা পোৱালি।

Your Comments