ৰাজ্যবাসীলৈ ভাল খবৰ:গোলাঘাটত ৪ জন ক'ৰ'না আক্রান্ত সুস্থ,দিয়া হ'ল ৰিলিজ 

Pic

গোলাঘাট জিলাত ক'ৰ'নাত আক্রান্ত চাৰিজন ৰোগী সুস্থ হৈ উঠিছে।চাৰিজন ৰোগীৰ পুনৰ নমুনা পৰীক্ষাত নিগেটিভ ওলাইছে ক'ৰ'নাৰ উপস্থিতি।গোলাঘাটৰ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰোগীকেইজন।স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিয়া হয় ৰিলিজ।ৰিলিজ দিয়া ব্যক্তিকেইজন পুনৰ ১৪দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব।

আনহাতে,চিকিৎসালয়খনত আৰু পাঁচজন আক্রান্ত চিকিৎসাধীন হৈ আছে।তাৰে দুজন সুস্থ হোৱা বুলি স্বাস্থ্য মন্ত্ৰী ড: শৰ্মাই ইংগিত প্ৰদান কৰিছে।বৰ্তমান সময়তো জিলাখনৰ তিনিগৰাকী আক্রান্তৰ দেহত ক'ৰ'না পজিটিভ আছে।

ভাল খবৰ এয়ে যে আজি পুনৰ চাৰিজন ব্যক্তিক ৰিলিজ দিয়াত যোৱা তিনিটা দিনত ৰাজ্যত ৯জন ব্যক্তি সুস্থ হৈছে।ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা হৈছে ৩৪জন।তাৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে বাকী ২৪জন চিকিৎসাধীন হৈ আছে।

Your Comments