অচিনাকি দুৰ্বৃত্তৰ পত্ৰৰ জৰিয়তে ভাবুকি সমাজকৰ্মী মীৰা বৰঠাকুৰক:"মোক যিয়ে ভাবুকি দিছে,তেওঁ ভয়াতুৰ"-বৰঠাকুৰ

Pic

প্ৰাক্তন বিজেপি নেত্ৰী তথা সমাজকর্মী মীৰা বৰঠাকুৰলৈ পত্ৰৰ জৰিয়তে ভাবুকি প্ৰদান কোনো অচিনাকি দুৰ্বৃত্তৰ।সোমবাৰে পুৱা ঘৰৰ পদূলিমুখত সমাজকর্মীগৰাকীৰ দৃষ্টিগোচৰ হয় ভাবুকি-পত্ৰখন।বিশেষ পত্ৰখনত কোনো ব্যক্তিৰ পৰিচয় নাই।কিন্তু উল্লেখ আছে 'অসমপ্ৰেমী' বুলি এটা বিশেষ পৰিচয়।

বিশেষ পত্ৰখনত উল্লেখ আছে-"মীৰা বৰঠাকুৰ,নমস্কাৰ গ্ৰহণ কৰিব।'কা' বিৰোধী সভা-সমিতিত ভাষণবাজী বন্ধ কৰক।অসমীয়া হৈ থকাৰ চেষ্টা কৰক।বাংলাদেশী মুছলমানক লৈ ৰাজনীতি কৰা বন্ধ কৰক।মোডী ডাঙৰীয়াৰ বিষয়ে আজিৰে পৰা এটা শব্দ সহ্য কৰা নহ'ব।'কা' বিৰোধী সভাত উচটনিমূলক ভাষণ দি নেতাগিৰী কৰা বন্ধ কৰক।অন্যথা উচিত শাস্তি দিবলৈ বাধ্য হ'ম।"

পত্ৰখনৰ শেষত নাম জনাৰ প্ৰয়োজন নাই বুলি উল্লেখ আছে।ইফালে,পত্ৰক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ বুলি উল্লেখ আছে।

ইফালে,পত্ৰখন পোৱাৰ পিছতে সমাজকর্মী বৰঠাকুৰে গুৱাহাটীৰ হাতীগাঁও থানাত দাখিল কৰিছে এজাহাৰ।

পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজকর্মীগৰাকীয়ে কয়-"যি পত্ৰখন দিছে,তেওঁৱে ভয় কৰি দিছে।কাৰণ তেওঁৰ নামো নাই আৰু পৰিচয়ো নাই।তথাপিও শত্ৰুপক্ষক দুৰ্বল বুলি ভবাতো উচিত নহয়।সেই কথা ভাবিয়ে হাতীগাঁও আৰক্ষী থানাত কথাটো জনাই থৈছোঁ।ভৱিষ্যতে কিবা অসুবিধা হ'লে যাতে ক'ব নোৱাৰে পূৰ্বে আমাক নক'লে কিয় বুলি।"

আনহাতে,এনে ভয় আৰু ভাবুকিৰে 'কা' বিৰোধী আন্দোলন স্থবিৰ কৰাৰ কৰবাত প্ৰয়াস চলিছে।এই পত্ৰত এজন হয়তো জড়িত নহয়,ইয়াত কোনোবা গ্ৰুপ জড়িত আছে বৰঠাকুৰে কয়।মোৰ নিৰাপত্তা ৰাইজে দিব বুলি উল্লেখ কৰি বৰঠাকুৰে আৰু কয়-"মোৰ কোনো বিধায়ক,মন্ত্ৰী হোৱাৰ বাসনা নাই।কিন্তু পত্ৰখন পাই আচৰিত হৈছোঁ,মোক ইমান গুৰুত্বপূৰ্ণ হিচাপে লোৱাটোত।"

উল্লেখ্য যে বিজেপি চৰকাৰৰ 'কা'ৰ বিৰুদ্ধে নেত্ৰী মীৰা বৰঠাকুৰে আৰম্ভণিৰে পৰা গ্ৰহণ কৰিছে বলিষ্ঠ পদক্ষেপ।

Your Comments