ৰাজ্যত প্রান্তৰে প্ৰান্তৰে হোলীৰ আনন্দ

Pic

আজি ৰঙৰ উৎসৱ হোলী।দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো জনসাধাৰণে উলহ-মালহৰে উদযাপন কৰিছে ফাকুৱা বা হোলী অথবা দৌলোৎসৱ।বটদ্ৰৱা থান,বৰপেটাৰ কীৰ্তন ঘৰ,উত্তৰ গুৱাহাটীৰ দৌল গোৱিন্দ মন্দিৰ আদিত ভক্তসকলে পূজা-অৰ্চনা,নাম-প্ৰসংগৰে আধ্যাত্মিক পৰিৱেশত হোলী উদযাপন কৰিছে।ৰাজ্যৰ অধিকাংশ স্থানতে নাগৰিকসকলে ইজনে-সিজনক ফাকু দি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে।এইবাৰ,ক'ৰ'না ভাইৰাছৰ আতংকৰ বাবে হোলীৰ আনন্দ-উচাহ কিছু স্তিমিত হোৱা দেখা গৈছে।

Your Comments