আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত দ্বিতীয়বাৰৰ বাবে বৃক্ক সংৰোপণৰ সফল অস্ত্ৰোপচাৰ

Pic

কামৰূপ জিলাৰ আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত দ্বিতীয়বাৰৰ বাবে সফলতাৰে সম্পন্ন কৰা হ'ল বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ।যোৱা ৯ ফেব্ৰুৱাৰীত সম্পন্ন কৰা হয় এই অস্ত্ৰোপচাৰ।ৰকিবুৰ ৰহমান নামৰ মৰিগাঁও জিলাৰ ২৭ বছৰীয়া এজন যুৱকৰ শৰীৰত তেওঁৰেই ৫৩ বছৰ বয়সীয়া পিতৃয়ে দান কৰা বৃক্ক সংৰোপণ কৰা হয়।বৃহস্পতিবাৰে হাস্পতালখনৰ চৌহদত অনুষ্ঠিত এখন সংবাদমেলত  এই সফল অস্ত্ৰোপচাৰৰ বিষয়ে অৱগত কৰা হয়।সংবাদমেলখনত বিশেষজ্ঞ নেফ্ৰ'লজিষ্ট তথা বৃক্ক সংৰোপণ দলটোৰ সদস্য ডাঃ হামাদ জিলানীয়ে এই সফল বৃক্ক সংৰোপণৰ বিভিন্ন দিশ সম্পৰ্কত সাংবাদিক সকলৰ আগত বিৱৰি কয়।সংবাদমেলখনত উপস্থিত থকা আন এজন সদস্য বিশেষজ্ঞ লেপাৰ'স্ক'পিক আৰু ৰেনেল ট্ৰেন্সপ্লান্ট ছাৰ্জন চিকিৎসক সৈকত মল্লিকে কয় যে সংৰোপণৰ ১০ দিনৰ পিছতেই যুৱকজনক হাস্পতালৰ পৰা যাবলৈ দিয়া হয় আৰু বৃক্ক সংৰোপণ কৰা হোৱা যুৱকজনে বৰ্তমান ক্ষিপ্ৰতাৰে আৰোগ্য লাভ কৰিছে।ডাঃ মল্লিকে লগতে উল্লেখ কৰে যে ক্ৰনিক ৰেনেল বিকাৰৰ ক্ষেত্ৰত সংৰোপণেই শ্ৰেষ্ঠতম চিকিৎসা উপায়।সংবাদমেলখনত উপস্থিত অস্ত্ৰোপচাৰ দলটোৰ সদস্য বিশেষজ্ঞ ইউৰ'লজিষ্ট ডাঃ এছ ডব্লিউ হাছানে কয় যে বৃক্ক দান কৰা পিতৃৰো শৰীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে।সংবাদমেলখনত উপস্থিত বিশেষজ্ঞ নেফ্ৰ'লজিষ্ট ডাঃ অৰুণিমা মহন্তই মন্তব্য কৰে যে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত উপলব্ধ উন্নত প্ৰযুক্তি আৰু সা-সৰঞ্জামেৰে অতি সুচলভাৱে বিভিন্ন বৃক্ক ৰোগ নিৰাময় কৰিব পৰা যায়।সংবাদমেলখনত চিকিৎসালয়খনৰ চিকিৎসক শান্তনু ভট্টাচাৰ্য,ডাঃ ৱাচিম হাছান,ডাঃঅলকেশ বৰ্মন,চিকিৎসা বিষয়া ৰাজশ্ৰী শৰ্মা উপস্থিত থাকে।

Your Comments