মালিগাঁও মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তৰ-পূব ৰেলৱে মজদূৰ ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী

Rail

নিউজ ডেস্ক :
দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক ব্যক্তিগতকৰণ আৰু নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে উত্তৰ-পূৱ ৰেলৱেৰ মুখ্য কাৰ্যালয়ত ৰূপায়ন কৰা হয় এক বিক্ষোভ কাৰ্যসূচী।উত্তৰ-পূব ৰেলৱে মজদূৰ ইউনিয়ৰ নেতৃত্বত   মালিগাঁও উত্তৰ-পূব ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰেলৱে মজদূৰ ইউনিয়নৰ প্ৰায় কেইবাশ কৰ্মচাৰী।আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰি এন এফ ৰেলৱেৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় "এইয়া আমাৰ আৰম্ভণিহে।চৰকাৰে যদি নিজৰ স্থিতিত অটল থাকে তেন্তে অনাগত দিনত ভয়ংকৰ হ'ব আন্দোলন"।

উল্লেখ্য যে ভাৰতৰ পৰিবহন ব্যৱস্থাত কম খৰচী ভ্ৰমণ হিচাপে পৰিগণিত হৈ অহা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰেলৱেক ভাৰত চৰকাৰে নিজৰ পুঁজি বৃদ্ধি কৰিবলৈ ব্যক্তিগতকৰণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই কয় "সমগ্ৰ দেশত এই পৰ্যন্ত প্ৰায় ১৫০খন ৰেল আৰু ৫০টা ৰেলৱে ষ্টেচন ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিছে। তাৰে কিছু সংখ্যকৰ ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও কিছু এতিয়াও বাকী আছে"।

গুৰুত্বপূৰ্ণ কথা এই যে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা ৫০টা ৰেলৱে ষ্টেচনৰ ভিতৰত উত্তৰ-পূব ৰেলৱেৰ অন্তৰ্গত কামাখ্যা ৰেল ষ্টেচনো অন্তৰ্ভুক্ত হৈছে।কিন্তু ইউনিয়নৰ বিৰোধিতাৰ বাবেই এই পৰ্যন্ত চৰকাৰে হস্তান্তৰ কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে সভাপতি দাস গুপ্তই।

উল্লেখ্য যে উত্তৰ-পূব ৰেলৱেৰ অন্তৰ্গত ৭খনকৈ লাভজনক ৰেল চৰকাৰে ইতিমধ্যে ব্যক্তিগত খণ্ডক হস্তান্ত কৰা বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।তাৰ ভিতৰত আছে গুৱাহাটী-তিলক ব্ৰিজ, কাটিহাৰা-তিলক ব্ৰিজ, কৃষাণগঞ্জ-তিলক ব্ৰিজ, কুচভেলী-গুৱাহাটী, টিচিটিবি-গুৱাহাটী, চেকেন্দ্ৰাবাদ-গুৱাহাটী । 
ইফালে কিছুদিনৰ পিছতেই ৰেল সমূহৰ নিবিদাৰ প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিব বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে।মন কৰিব লগা কথা এই যে ২০২০-২১বর্ষৰ বিত্তীয় বাজেটত দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰিবলৈ চৰকাৰে ২লাখ ১০ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰিছে।

সেই বাজেটৰ প্ৰতি লক্ষ্য ৰাখি ইউনিয়নে স্পষ্টকৈ ঘোষণা কৰিছে যে " ৰেলৱে খণ্ডক ব্যক্তিগতকৰণ কৰিলে পুনৰ ১৯৭৪ চনৰ দৰে ৰেল সেৱা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ'ব।য'ত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব ৰেলৰ চকা"।

আনহাতে সমগ্ৰ দেশত ৰেল খণ্ডত প্ৰায় ২.৫০লাখ পদ খালি হৈ আছে।সেই পদ সমূহ পূৰণ কৰাৰো ইউনিয়নে দাবী জনায়।

ইফালে আজিৰ প্ৰতিবাদত উপস্থিত আছিল যুটীয়া সম্পাদক দিলীপ চক্ৰৱৰ্তী, সমীৰ চক্ৰৱৰ্তী প্ৰমুখ্যে মজদূৰ ইউনিয়নৰ বহুতো সদস্য।

Your Comments