মহানগৰীৰ পদপথৰ খাদ্য বিপনিত শীঘ্ৰেই চলিব খাদ্য সুৰক্ষা সুৰক্ষা বিভাগৰ অভিযান

Phe

নিউজ ডেস্ক :
বৃহস্পতিবাৰে গুৱাহাটীৰ বামুনীমৈদামৰ ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই খাদ্য সুৰক্ষা বিভাগৰ এখন ভেন মুকলি কৰে। ৮কোটি টকা মূল্যৰ এই ভেনখনৰ খাদ্যৰ মান পৰীক্ষা কৰিব পৰা  বিশেষ ক্ষমতা আছে।

উল্লেখ্য যে ভেনখন মুকলি কৰি মন্ত্ৰী হাজৰিকাই কয় এতিয়াৰে পৰা গুৱাহাটী ভিন্ন প্ৰান্তত থকা যিকোনো খাদ্য বিপনীৰ খাদ্যৰ মান নিৰ্দিষ্ট ঠাইতেই উপস্থিত হৈ কৰা হ'ব পৰীক্ষা।পূৰ্বতে খাদ্য সুৰক্ষা বিভাগত এখন এনে ভেন আছিল  যদিও এতিয়াৰ পৰা এই বাহনৰ সংখ্যা দুখনলৈ বৃদ্ধি পালে।

ইফালে বিশ্বত আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰসংগ উথাপন কৰি মন্ত্ৰী হাজৰিকাই কয়
"N95 FACE MASKৰ উৎপাদন চৰকাৰে নকৰে,কেৱল যোগানহে ধৰে। প্ৰয়োজনত এই ফেচ মাস্ক আমি যোগান ধৰিবলৈ প্ৰস্তুত।

ইতিমধ্যে বিগত এটামাহ আগৰে পৰাই বিমান বন্দৰত বহি:দেশৰ পৰা অহা প্ৰতিজন লোকক পৰীক্ষা কৰি থকা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।এই সন্দৰ্ভত প্ৰায় ৬০জন লোকক পৰীক্ষা কৰি বৰ্তমান নিৰীক্ষণত ৰখা বুলি তেওঁ জানিবলৈ দিয়ে।

জিএমচিএইচত ৰোগৰ সৈতে মুখা-মুখী হ'ব পৰাকৈ বিশেষ কোষ গঠন কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় যে ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত কৰ'ণাক লৈ ইতিমধ্যেই আৰম্ভ কৰা হৈছে ব্যাপক সজাগতামূলক অভিযান।

ইফালে গুৱাহাটীত কাঠফুলাৰ দৰে গঢ়ি উঠা বিৰিয়ানি চেণ্টাৰ,ফুড ষ্ট'ল সমূহত অহা কালিৰ পৰাই অভিযান তীব্ৰতৰ হ'ব বুলি তেওঁ উল্লেখ কৰাৰ লগতে খাদ্য সুৰক্ষা বিভাগক এই সম্পৰ্কে নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই ৷

আনহাতে ৰাইজক উদ্দেশ্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে গ্ৰাহকে মাংসকে আদি কৰি বিভিন্ন খাদ্যৰ অভিযোগ দিব পৰাকৈ বিভাগে শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰিব এক বিশেষ নম্বৰ,যাৰ জৰিয়তে সকলোৱে অভিযোগ দিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

Your Comments