মহানগৰীত পলিথিনৰ বেগত সৰবৰাহ হোৱা বৃহৎ পৰিমাণৰ চোৰাং ডিজেল জব্দ : চাৰিজনক আটক

Tel

নিউজ ডেস্ক :

ৰাইজৰ তৎপৰতাত আজি মহানগৰীৰ হেদেৎপুৰত উৎখাত হয় এক বৃহৎ চোৰাং তেলৰ ঘাটি। উক্ত ঘাটিৰ পৰা চোৰাং তেলসহ তিনি চোৰক ৰাইজে আটক কৰি পল্টনবজাৰ আৰক্ষী গটাই দিয়াৰ লগতে তেল সৰবৰাহৰ মূল মাষ্টাৰ মাইণ্ড কালিয়া ওৰফে কুমুদ জালানক তিনি চোৰৰ চিকাৰোক্তিৰ ভিত্তিত ভাড়াঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

Tel2উল্লেখ্য যে ধৃত চোৰ কেইটাৰ পৰা ৰাইজে পলিথিনৰ বৃহৎ বৃহৎ পেকেটত ভৰোৱা অৱস্থাত বস্তাই বস্তাই জব্দ কৰে ৰেলৰ প্ৰায় ২৫০লিটাৰ ডিজেল।

আনহাতে আৰক্ষীয়ে তিনি ধৃত চোৰক আটক কৰি থানালৈ লৈ যোৱাৰ সময়তে উক্ত স্থানতে চোৰাং তেল কঢ়িয়াই থকা আন এখন ৰিক্সাও জব্দ কৰিবলৈ সক্ষম হয় । ৰিস্কাখনত তেল  সৰবৰাহত কাৰ্যত কালিয়াই কেইগৰাকীমান শিশুক জড়িত কৰাইছিল বুলিও একাংশ প্রত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে।উল্লেখ্য যে  শিশু কেইটাই আৰক্ষীক দেখা লগে লগেই ৰিক্সা এৰি পলায়ন কৰে।
 
গুৰুত্বপূৰ্ণ কথা এই যে ৰাইজে  দীৰ্ঘদিনৰ পৰা হেদেৎপুৰত দিনৰ পোহৰতে চোৰাং তেলৰ ৰমৰমীয়া বেহা চলি থকা বুলি অভিযোগ কৰি আহিছিল৷ ইফালে চোৰাংতেলৰ অবৈধ ব্যৱসায়ত জড়িত  কালিয়া ড্ৰাগচৰো ব্যৱসায়তো জড়িত বুলি অভিযোগ উত্থাপিত হৈছে। Tel3

আৰক্ষীয়ে আজি আটক কৰা এগৰাকী মহিলা সহ দুই যুৱক ক্ৰমে মনোৱাৰ হুচেইনৰ ঘৰ বৰপেটাত হোৱাৰ লগতে ৰাজীৱ আলমৰ ঘৰ বিহাৰত আৰু আজি আটক হোৱা মহিলা গৰাকী ফুলং আলী জানিব পৰা গৈছে।তাপৰ্যপূৰ্ণ কথা এই যে পূৰ্বতেও ৰাইজে কালিয়াক ড্ৰাগচৰ ব্যৱসায়ৰ সৈতে জড়িতৰ সন্দেহত আটক কৰি আৰক্ষীক গতাই দিছিল ।কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে ধৃত কালিয়াক সেইবাৰো গ্ৰেপ্তাৰ কৰা নকৰা বুলি স্থানীয় ৰাইজৰ অভিযোগ কৰে।

উল্লেখ্য যে চোৰাং তেলৰ ব্যৱসায়ৰ সৈতে জড়িত কালিয়া ওৰফে কুমুদ জামালৰ প্ৰকৃত ঘৰ বিহাৰত। বিজেপি কৰ্মী জাহাংগীৰ আহমেদ আৰ সুজাতা আহমেদ সিংৰ ঘৰত ভাড়া থাকিয়েই কলীয়াই এই ব্যৱসায় চলাই আহিছে বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Your Comments