গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে শৃংখল চলিহাৰ জামিন

Pic

জামিন লাভ বীৰ লাচিত সেনাৰ কাৰাৰুদ্ধ নেতা শৃংখল চলিহাৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে সংগ্রামী নেতাগৰাকীৰ মঞ্জুৰ কৰিছে জামিন। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব নেতাগৰাকী। উল্লেখ্য যে ৩০/১৯ নম্বৰত চিআইডিত ৰুজু কৰা গোচৰৰ ভিত্তিত যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড় গ্ৰেপ্তাৰ হৈছিল চলিহা।চলিহাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০খ,১২১,১২১ক,১২২,১২৩,১৪৭,১৪৮,১৫০,১৫৩,১৫৩ক,৩২৬,৩৩৬,আৰু ৩৫৩ ধাৰা জাপি দিছিল। ইফালে জামিন পোৱাৰ সম্ভাৱনা দেখি শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চে যোৱা ১৬ ডিচেম্বৰত ৰুজু হোৱা অন্য এটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত শৃংখলক গ্ৰেপ্তাৰ কৰাৰ বাবে চেষ্টা কৰিছিল যদিও কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গ্ৰেপ্তাৰ নাকচ কৰে। আনহাতে পুনৰ গ্ৰেপ্তাৰ কৰিব বিচাৰি আদালত হাজিৰ কৰোৱাৰ সময়ত নেতা গৰাকীয়ে কয়- "ভাৰতবর্ষত এতিয়া গণতন্ত্ৰ চলা নাই।সৰ্বা-মোডী-শ্বাহ তন্ত্ৰ চলিছে।'২১ত অসমৰ খিলঞ্জীয়া ভূমি-পুত্ৰ জনগণে উৎখাত কৰিব বিজেপিক,জয় আই অসম, মৰিলে স্বৰ্গ তৰিলে দেশ।মোক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে"।"বিজেপিক সকিয়াই দিছোঁ,'২১ত উফৰি যাব"-শৃংখলে কয়।

Your Comments