বঙাইগাঁৱৰ প্ৰতিবেদক:
সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে আহ্বান জনোৱা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘট কাৰ্যসূচী আসাম ষ্টেট্ পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ বঙাইগাঁও মণ্ডলৰ অন্তৰ্গত সমূহ শাখাত কৰ্মচাৰীয়ে ৰূপায়ণ কৰে। এই সন্দৰ্ভত ইউনিয়নৰ সাধাৰণ সম্পাদক অমিত কৰে প্ৰেছ বিবৃতিত কয় যে ভাৰত চৰকাৰে গ্ৰহণ কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগতকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ লগতে অসমৰ জনসাধাৰণৰ ইচ্ছাৰ বিপৰীতে সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰিছে। অনহাতে,শ্ৰমিক-কৰ্মচাৰীক সুৰক্ষিত কৰা আইনসমূহ সংশোধন কৰাৰ নামত শ্ৰমিকৰ সংগ্ৰাম কৰাৰ অধিকাৰ কাঢ়ি নিবৰ বাবে ষড়যন্ত্ৰ কৰিছে। শ্ৰমিকৰ প্ৰাপ্যসমূহ আদায় নিদিয়াকৈয়ে লাখ লাখ শ্ৰমিকক প্ৰতাৰণা কৰি কৰ্মৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিছে। অস্থায়ী কৰ্মীসকলক চাকৰি স্থায়ী নকৰাকৈয়ে কম মজুৰি কৰোৱাই আহিছে। সেয়ে সমগ্ৰ দেশজুৰি হোৱা সাধাৰণ ধৰ্মঘটৰ জৰিয়তে আসাম ষ্টেট পাৱাৰ ব'ৰ্কাচ ইউনিয়নে ভাৰত চৰকাৰ তথা অসম চৰকাৰক শ্ৰমিক বিৰোধী নীতি বন্ধ কৰাৰ লগতে অস্থায়ী কৰ্মীসমূহৰ চাকৰি স্থায়ীকৰণ কৰা আৰু চাকৰি স্থায়ী নোহোৱালৈকে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিদ্দেৰ্শমৰ্মে সমকামৰ সম দৰমহা দিয়াৰ ব্যৱস্থা কৰা, কৰ্মচাৰীসকলৰ বাবে চৰকাৰে প্ৰযোজ্য কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উওৰসূৰী কোম্পানীৰ নিজৰ বিদ্যুৎ উৎপাদন বৃদ্ধি কৰি কোম্পানীক স্বনিৰ্ভৰশীল কৰি তোলাৰ পদক্ষেপ লোৱাৰ বাবে দাবী জনাইছে ৷ সাধাৰণ ধৰ্মঘটৰ সময়চোৱাত জৰুৰীকালীন সেৱাসমূহ চলি থাকে। আসাম ষ্টেট পাৱাৰ ব'ৰ্কাচ ইউনিয়নে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্টানসমূহ জীয়াই ৰখাৰ লগতে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে অনাগত দিনতো সংগ্ৰাম অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি সংগ্ৰাম চলাই নিয়াত অসমৰ সংবাদ মাধ্যম আৰু অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰে। কাৰ্যসূচীত আসাম ষ্টেট্ পাৱাৰ ব'ৰ্কাচ ইউনিয়নৰ সমূহ সদস্য,বিষয়ববীয়া আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিমাই হালদাৰ, বিত্ত সম্পাদকৰ লগতে ইউনিয়ানৰ সাধাৰণ সম্পাদক অমিত কৰ উপস্থিত থাকে।
- Log in to post comments
- 11 views