নৰেন শৰ্মা,বাহাৰঘাট:
চিআইটিইউকে ধৰি কেইবাটাও শ্ৰমিক কৃষক সন্থাই আহ্বান জনোৱা দেশজোৰা সৰ্বাত্মক ধৰ্মঘট সফল কৰাৰ বাবে বুধবাৰে কামৰূপ জিলাৰ পশ্চিম বড়িগোগত নিৰ্মাণ শ্ৰমিক সন্থা আৰু কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী সমদল উলিয়ায়।স্থানীয় বকুলতল চ'কত থকা নিৰ্মাণ শ্ৰমিকৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা সমদলটো অঞ্চলটোৰ বিভিন্ন গাৱঁৰ মাজেৰে যায়। 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিল কৰক,মূল্যবৃদ্ধি ৰোধ কৰক,ৰাজহুৱা শিল্প প্ৰতিষ্ঠান বিক্ৰী কৰা বন্ধ কৰক,শ্ৰমিক বিৰোধী সংশোধনী আইন বাতিল কৰক আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে৷সমদলটোৰ নেতৃত্ব দিয়ে কৃষক শ্ৰমিক নেতা হৰিপদ তালুকদাৰে৷সমদলত অঞ্চলটোৰ শতাধিক নিৰ্মাণ শ্ৰমিক আৰু কৃষকে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 5 views