হাটিঙা অমৰাকচাৰ মুক্তিযোদ্ধা বিনদ ভূঞাৰ দেহাৱসান

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:

উপেক্ষিত আৰু অৱহেলিত এগৰাকী স্বাধীনতা সংগ্ৰামী । বয়সৰ লেখেৰে চাৰিকুৰি ওঠৰ বছৰত ভৰি দিয়া অথচ  চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হোৱা এজন স্বাধীনতা সংগ্ৰামী । দৃষ্টি আৰু শ্ৰৱণ শক্তি একেবাৰে কমি  গৈছিল যদিও বাকশক্তি  অটুট আছিল তেওঁৰ । এইগৰাকী স্বাধীনতা সেনানীয়ে ৰোমন্থন কৰিছিল সত্যাগ্ৰহ আন্দোলনৰ পৰা ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত হোৱা বহু ঘটনা, পৰিঘটনাৰ । কিন্তু দুখৰ কথা এয়ে যে স্বাধীনতাৰ বাবে আন্দোলনত জঁপিয়াই পৰা স্বাধীনতা সেনানীজনে ৰজাঘৰীয়া অথবা প্ৰজাঘৰীয়াৰ পৰা উপেক্ষিত আৰু অৱহেলিত হৈয়ে ৰ'ল । নাম তেওঁৰ বিনদ ভূঞা । ঘৰ উত্তৰ জামুগুৰিৰ হাটিঙা অমৰাকচাত । সত্যাগ্ৰহ আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে বিশেষভাৱে জড়িত হোৱা বিনদ ভূঞাৰ দৃষ্টি আৰু শ্ৰৱণ শক্তি দুৰ্বল হ'লেও তেওঁৰ মুখত আখৈ ফুটাদি ফুটি উঠিছিল বিয়াল্লিশৰ দেশপ্ৰেমমূলক শ্ল'গান আৰু দেশপ্ৰেমমূলক গীত । কাৰোবাৰ বাবে বৰদেউতা, কাৰোবাৰ বাবে খুৰা অথৱা কাৰোবাৰ বাবে ককাদেউতা বিনদ ভূঞাৰ মনলৈ দেশৰ স্বাধীনতা সংগ্ৰামৰ কথা আহিলে দেহ-মন তৰুণ হৈ পৰিছিল । বহু উজাগৰী নিশা কটাই ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত জড়িত হোৱা এইজন স্বাধীনতা সংগ্ৰামীয়ে ৰঙাঘৰৰ ভাত খাবলগীয়াও হৈছিল । দেশে স্বাধীনতা লাভ কৰিলে,বহুতে দেশৰ শাসনৰ গাদী শুৱনি কৰিলে, নিজৰ অঙহী-বঙহীক সংস্থাপিত কৰিলে,কিন্তু দেশৰ স্বাধীনতা সংগ্ৰামত ফাটেকপৰ্যন্ত খাই  অৱহেলিত হৈ ৰৈছিল বিনদ ককা । স্বাধীন দেশৰ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ উপেক্ষাৰ বাহিৰে তেওঁ  একোৱেই পোৱা নাছিল। ঘৰৰ ৰুপিত মাটি কেইডৰাতে খেতি-বাতি কৰি পৰিয়াল পোহপাল দি জীৱনৰ অপৰাহ্ণত ভৰি দিয়া বিনদ ভূঞাৰ কাৰো প্ৰতি আক্ষেপ    নাাছিল,কিন্তু স্বাধীন দেশখনৰ বিপৰীত ছবিয়ে তেওঁক বাৰুকৈয়ে হতাশ কৰিছিল । জীৱনৰ বিয়লিত এডাল লাখুটিকে সংগী কৰি পোন্ধৰ আগষ্ট আহিলে ককাই তাহানিৰ সংগ্ৰামখনৰ কথা মনত পেলাই বুকু গৰ্বত ফুলাই দিছিল । পিচে কি হ'ব ? চৰকাৰী পেন্সনৰ ধনকেইটালৈ তেওঁৰ লোভ নাই যদিও চৰকাৰী স্বীকৃতি তথা অকনমান সন্মান নিদিয়াতহে তেওঁৰ মন দুখেৰে ভৰি পৰিছিল । অৱশ্যে শেহতীয়াভাৱে নদুৱাৰ আঞ্চলিক পঞ্চায়তে তেওঁক বৃদ্ধ পেন্সন প্ৰদান কৰিছিল । অৱশেষত যোৱা সোমবাৰে নিশা প্ৰায় ৯ মান বজাত নিজ বাসগৃহত মুক্তিযোদ্ধা বিনদ ভূঞাৰ মৃত্যু হয় । ৯৮ বছৰ বয়সৰ বিনদ ভূঞাই মৃত্যুৰ সময়ত দুই পুত্ৰ-বোৱাৰী, তিনিজনী জীয়াৰী, তিনিগৰাকী নাতি আৰু এগৰাকী নাতিনীক ইহসংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত অঞ্চলবাসীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ  কৰিছে।

Your Comments