ঘগ্ৰাপাৰত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মটৰ শ্ৰমিক ইউনিয়নকে ধৰি কেইবাটাও সংগঠনে বুধবাৰে আহ্বান দিয়া ভাৰত বন্ধৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰা দেখা যায়।পুৱাৰ ভাগৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে স্থানীয় বাট-পথত দুই-এখন ব্যক্তিগত গাড়ীৰ বাহিৰে গাড়ী-মটৰৰ চলাচল বন্ধ থাকে। প্ৰায়বোৰ দোকান-পোহাৰ বন্ধ থাকে।ইফালে বন্ধৰ সমৰ্থকে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ নোৱাৰে,তাৰ বাবে ঠায়ে ঠায়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে তীক্ষ্ণ নজৰ ৰখা দেখা যায়। ইফালে ঘগ্ৰাপাৰ আঞ্চলিক চিটিইউ আৰু ঘগ্ৰাপাৰ আঞ্চলিক নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি প্ৰসন্ন কলিতা,সম্পাদক অমূল্য শৰ্মাৰ নেতৃত্বত এটি বৃহৎ প্ৰতিবাদী দলে আজি পুৱা ৰাজপথলৈ ওলাই আহি ভাৰত বন্ধ সফল কৰক,চিটিইউ জিন্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগান দি ঘগ্ৰাপাৰৰ আকাশ-বতাহ কঁপাই তোলে।লগতে,ঘগ্ৰাপাৰ  ৰাজহ চক্ৰ কাৰ্য্যালয়,ঘগ্ৰাপাৰ হাইস্কুলকে ধৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ উঠি পৰি লাগে।অঞ্চলটোৰ বিভিন্ন কাৰ্য্যালয় বন্ধ ৰখাৰ বাবে সংশ্লিষ্ট ঠাইত উপস্থিত হোৱাৰ লগতে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ কাৰ্যালয়টোত প্ৰতিবাদকাৰী দলটোৱে প্ৰৱেশ কৰি  দাবীৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে,কাৰ্য্যালয়তো বন্ধ কৰি দিয়াৰ চেষ্টা চলায়।কিন্তু পূৰ্বৰে পৰা কাৰ্য্যালয়টোত ৰৈ থকা আৰক্ষী বাহিনী তথা অৰ্ধসামৰিক বাহিনীৰ দলে বাধা প্ৰদান কৰে।

Your Comments