বঙাইগাঁৱৰ প্ৰতিবেদক:
'অসম চুক্তিৰ যিটো মূল আত্মা অৰ্থাৎ ছয় নং দফাটো ভালদৰে ৰূপায়িত কৰা হওক ৷ কাৰণ আমি সকলোৱে জানো যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বিদেশীৰ অবৈধ প্ৰব্ৰজনে খিলঞ্জীয়াৰ অস্তিত্বলৈ কিদৰে সংকট সৃষ্টি কৰিছে ৷ যাৰ বাবে আমাক ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল অসম চুক্তিৰ জৰিয়তে ৷ কিন্তু দিল্লীৰ কোনো এখন চৰকাৰে চুক্তিৰ যিটো মূল দফা এই দফাটো কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।'এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৷ দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত দলটোৰ তিনিটা সমষ্টিভিত্তিত অনুষ্ঠিত এখন সতীৰ্থ সন্মিলনত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ ৰাজ্যখনত চলি থকা 'কা' বিৰোধী আন্দোলনৰ কথা এবাৰো উচ্চাৰণ নকৰা দলীয় সভাখনত অগপ দলৰ সভাপতি বৰাই কয় যে বৰ্তমান সময়ত আমি দেখিছো যে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে জাতিৰ ৰক্ষা কৱচ হিচাপে চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছে ৷ আমি বিচাৰো কমিটীখনে সোনকালে প্ৰতিবেদন দাখিল কৰক ৷ সেইদৰে কিছুদিন আগতে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক স্পষ্টভাৱে কৈছো যে আমি পূৰ্বৰ স্থিতি অটুত ৰাখিও ৰাজ্যখনৰ জনসাধাৰণৰ ভাষাৰ সুৰক্ষাৰ কাৰণে, ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আৰু সুৰক্ষিত কৰাৰ কাৰণে, ভূমিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ আমি বিচাৰো যে ৰাজ্যখনৰ ৯০ শতাংশ বিধানসভাৰ আসন অসমীয়া খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰা হওক ৷ লোক সভাৰ এশ শতাংশ আসন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰা হওক ৷ আমি বিচাৰো ভূমিৰ ওপৰত অধিকাৰ, আমি বিচাৰো ভাষাৰ ওপৰত অধিকাৰ ৷ আমাৰ অসমীয়া ভাষাটো যাতে সৰ্বকালৰ বাবে ৰাজ্যভাষা হৈ থাকে ৷ প্ৰয়োজন হলে ভাৰতীয় সংবিধানৰ ৩৪৫ নং অনুচ্ছেদ সম্পূৰ্ণৰূপে সংশোধন কৰি হ'লেও অসমৰ জনসাধাৰণৰ মনৰ যি শংকা সেই শংকা দূৰ কৰা হওক ৷ লগতে ৰাজ্যখনৰ বড়ো, মিছিং, কাৰ্বি,ৰাভা,গাৰো,দেউৰী, ডিমাচা আদি জনজাতিসকলৰ যি ভাষা আছে এই জনজাতীয় ভাষাযমূহকো মৰ্যদা দিয়া হওক আৰু সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা কৰা হওক ৷ আমি বিচাৰো যে চুবুৰীয়া ৰাজ্যৰ দৰে আমাৰ ৰাজ্যতো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হওক ৷ যিবিলাক জাতি- জনগোষ্ঠীয়ে বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ বাবে বৰ্তমানলৈকে সুবিধা পোৱা নাই, সেই জাতি-জনগোষ্ঠীসকলৰ প্ৰতিনিধিত্বৰ বাবে এখন উচ্চ সদনৰ ব্যৱস্থা কৰা হওক ৷ গতিকে জাতিটোৰ সুৰক্ষাৰ বাবে যদি কেন্দ্ৰীয় চৰকাৰে এই দাবীবোৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰে তেতিয়াহলে নিশ্চতভাৱে অসমৰ মানুহ সকলো দিশৰ পৰাই সুৰক্ষিত হ'ব ৷ অসমীয়াৰ সুৰক্ষাৰ বিষয়ত আমি কোৰো লগত কেতিয়াও আপোচ নকৰো ৷ এই কথাটো অতি স্পষ্ট ৷ সভাপতিগৰাকীয়ে নিজৰ ভাষণত আৰু কয় যে ৰাজ্যখনৰ ছয়টা জনগোষ্ঠী ক্ৰমে আহোম, চুতীয়া, মৰান, মটক, কোচ ৰাজবংশী আৰ চাহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে ৷ এই জনগোষ্ঠকেইটাৰ জনসংখ্যা ডেৰ কোটিতকৈ কম নহ'ব ৷ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় আধা ৷ এই জনগোষ্ঠীকেইটাৰ দাবী আমাৰ দাবী ৷ আমি বিচাৰো এই পিছ পৰা জনগোষ্ঠীকেইটাক আগবঢ়াই আনি সমাজত সমতা স্থাপন কৰাৰ পৰিৱেশ ৰচনা কৰা হওক।আমাৰ চৰকাৰে শেহতীয়াভাৱে সকলো পিছপৰা জাতি- জনগোষ্ঠীলৈ যথেষ্টখিনি কাম কৰিব পৰাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে সকলোৱে আনন্দিত হৈছে যে ইয়াত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ লৈছো ৷ এইটো বিশেষকৈ এই এলেকাত বসবাস কৰা কোচ ৰাজবংশীসকলৰ কাৰণে অতি আন্দৰ কথা ৷
আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছ এটা এনেকুৱা দল যিটো দল ক্ষমতাত নাথাকিলে শান্তিত থাকিব নোৱাৰে ৷ যিবোৰ কাৰণত আমি সংগ্ৰাম কৰিবলগীয়া হৈছে।তাৰ মূল উৎসটোৱে হৈছে কংগ্ৰেছ ৷ দেশৰ স্বাধীনতা অনা দলটোৱে আজি ৰাজ্যখনৰ জনসাধাৰণক বাৰম্বাৰ প্ৰতাৰণা কৰিছে ৷ অসমীয়া জনসাধাৰণৰ আবেগ - অনুভূতিক লৈ তেওঁলোকে নিজকে ধোৱা তুলসী সজাই নতুন ৰূপত যাদু কোঁৱৰৰ দৰে আবিৰ্ভাৱ হৈছে ৷ কংগ্ৰেছক মানুহে বুজি পায় ৷ কংগ্ৰেছৰ বাবেই ৮৫৫ জন শ্বহীদ হ'ল, কংগ্ৰেছৰ বাবেই আজি ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিলে ৷ কংগ্ৰেছৰ বাবেই ৰাইজে সময়ে সময়ে জোলকে জোলকে পানী খাবলগীয়া হৈছে ৷ কংগ্ৰেছৰ বাবেই ৰাইজৰ বাবে অহা ধনৰ কোটি কোটি টকাৰ হৰণ - ভগন হ'ল ৷ নেতা - পালিনেতাৰ জেপলৈ গ'ল ৷ ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংঘটিত হ'ল ৷ সেই কংগ্ৰেছেই এতিয়া নতুন ৰূপত ৰাইজাৰ মাজত সোমাবলৈ চেষ্টা কৰিছে ৷ ৰাইজে এইবোৰ পাহৰি গ'লে ভুল কৰা হ'ব ৷ জাতিক প্ৰতাৰণা কৰা, জাতীয় স্বাৰ্থৰ বিপৰীতে কাম কৰা এই কংগ্ৰেছ দলৰ আৰু কংগ্ৰেছ দলক সহযোগিতা কৰাসকলক চিনাক্ত কৰি উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হওক বুলিও কয় ৷
সভাপতিৰাকীয়ে দলটোৰ ইতিহাসৰ বিষয়ে কবলৈ গৈ কয় যে অসম গণ পৰিষদ দল ১৯৭৯ চনৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ৰাজ্যখনত যি গণ আন্দোলন হৈছিল সেই গণ আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এটা দল ৷ যি আন্দোলনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৮৫৫ জন শ্বহীদ হৈছিল আৰু বিভিন্নজন বিভিন্ন ধৰণেৰে নিৰ্যাতিত হৈছিল ৷ চুক্তি হ'ল অসম গণ পৰিষদ দলৰ জন্ম হ'ল আৰু অসম গণ পৰিষদ দলে দুবাৰকৈ ৰাজ্যখনৰ শাসনভাৰ ললে ৷ ৰাইজে শাসনভাৰ লোৱাৰ সুযোগ দিলে ৷ যি কাৰণতেই নহওক কিয় ৰাইজক দিয়া প্ৰতিশ্ৰুতি হয়তো অসম গণ পৰিষদ দলে ৰাখিব নোৱাৰলো ৷ চুক্তি ৰূপায়ণত সফল হ'ব নোৱাৰিলো ৷ যাৰ বাবে হয়তো ৰাইজে আমাক বেয়া পাই অলপ আঁঁতৰলৈকে ঠেলি দিলে ৷ দুবাৰকৈ শাসন কৰাৰ পিছত পিছৰ নিৰ্বাচন বিলাকত আমি বিৰোধী দলৰ আসনত বহিবলগীয়া হৈছে ৷ ২০১৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে লগহৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লো ৷ বিজেপিৰ নেতৃত্বত ৰাজ্যখনত এখন মিত্ৰজোঁটৰ চৰকাৰ হ'ল ৷ যিখন চৰকাৰৰ আমি বৰ্তমান অংশীদাৰ ৷ চৰকাৰখনৰ অংশীদাৰী দল হিচাপে যোৱা সময়চোৱাত চৰকাৰত থাকি আমি জনসাধাৰণক আমাৰ শক্তিৰে যিমানখিনি সেৱা কৰিব পাৰো , দলটোৰ শক্তি বৃদ্ধি কৰিব পাৰো আমি বিনা দ্বিধাই সততা আৰু নিষ্ঠাৰে চেষ্ঠা অব্যাহত ৰাখিছো ৷ কিন্তু আমালৈ কিছুমানে সন্দেহৰ আঙুলি টোৱায় ৷ ইয়াৰ কাৰণ আছে, ইয়াত কোনো ন্যস্ত স্বাৰ্থ জড়িত শক্তি আছে যিবিলাকে আঞ্চলিকতাবাদ শক্তিশালী হোৱাতো নিবিচাৰে ৷ অসম গণ পৰিষদ দল জন্ম হোৱাৰ আগতেও ৰাজ্যখনত সৰু সৰু বহুধা বিভক্ত আঞ্চলিক দল আছিল ৷ নোহোৱা হৈ গ'ল ৷ সেইদৰে অসম গণ পৰিষদ দল জন্ম হোৱাৰ পিছতো দলৰ মাজৰে পৰা গৈ কেইবাটাও উপ দল সৃষ্টি হ'ল ৷ কিন্তু সেই দলবিলাক দীৰ্ঘস্থায়ী নহ'ল ৷ অগপ দলৰ শিপা মজবুত ৷ দুৰ্বল হ'ব পাৰে কিন্তু অসম গণ পৰিষদক ওভালি পেলাব নোৱাৰে ৷ কাৰণ ইয়াৰ জন্মলগ্নৰ এক দীঘলীয়া ইতিহাস আছে ৷ আমি বিশ্বাস কৰো যে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম গণ পৰিষদ শক্তিশালী হোৱা আৰু অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা ৷ কাৰণ অসম গণ পৰিষদ দলেই হৈছে একমাত্ৰ দল,যি দলে আঞ্চলিক স্বাৰ্থ ৰক্ষা কৰিবৰ বাবে দৃঢ়তাৰে মাত মাতি আহিছে ৷ আন্তৰিকতাৰে কাম কৰি আহিছে ৷ অসম গণ পৰিষদ দল ধৰ্ম নিৰপেক্ষ দল আৰু ধৰ্ম নিৰপেক্ষ দলৰ যিটো চৰিত্ৰ সেই চৰিত্ৰত কাৰো কেতিয়াও সন্দেহ কৰিবলগীয়া নাই ৷ আমি যতেই নেথাকো কিয় আমাৰ চৰিত্ৰ অটুত ৰাখি আন্তৰিকতাৰে ৰাইজৰ সেৱাত ব্ৰতী হৈছো আৰু ভৱিষ্যতেও ব্ৰতী হ'ম ৷ ইপিনে বঙাইগাঁও সমষ্টিৰ পৰা ১৯৮৫ চনৰ পৰা ফনীভূষণ চৌধুৰীয়ে কিদৰে একেলেঠাৰিয়ে নিৰ্বাচিত হৈ আহিছে সেয়া জানিবৰ মন যায় বুলি কৈ জয়ৰ গোপন ৰহস্যতো কি জনাৰ বাবে সদায় আগ্ৰহী বুলিও কয় ৷ সভাত তেওঁ কয় যে দলটোৰ নেতৃত্বই কেতিয়াবা কেতিয়াবা গোলমাল কৰিছে ৷ যাৰ বাবে দলটো কেতিয়াবা বিভক্ত হৈছে, দলটোক কেতিয়াবা কেতিয়াবা দুৰ্বল কৰিছে ৷ কিন্তু তৃণমূল কৰ্মীসকলে দলটোৰ পতাকাখন মুক্ত মনেৰে আকাশত উৰি থাকিবলৈ সক্ষম কৰিছে ৷ এয়া আপোনালোকৰ কৃতিত্ব ৷ আমাৰ কৃতিত্ব নহয় ৷ তেওঁ কয় যে আমাৰ ক'বলগীয়া বহু কথা আছে যদিও মুকলিকৈ ক'ব নোৱাৰি ৷ সেইবোৰ বন্ধ কোঠাতহে ক'ব পাৰি ৷ এইখন ৰাজহুৱা সভাৰ দৰে হৈছে ৷ দলীয় কৰ্মীসকললৈ উদ্দেশ্যি সভাপতি অতুল বৰাই কয় যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক ৷ আমি যি কৰিছো, আমি যি কৰিম যুক্তিৰ আধাৰত আৰু জাতীয় স্বাৰ্থক জলাঞ্জলী নিদিয়াকৈ কাম কৰিম ৷ তাৰ বাবে আমি দৃঢ়প্ৰতিজ্ঞ ৷ যিয়ে যি বিশেষণেৰে নামাতক কিয় মাতি থাকক ৷
দলটোৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে আঁঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সতীৰ্থ সন্মিলনখনত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই নিজৰ বক্তব্যৰ আৰম্ভণিতে কয় যে এইখন অসম ৰজা নৰনাৰায়ণৰ দিনৰ অসম, চিলাৰায়ৰ অসম, চাওলুং চ্যুকাফাৰ অসম আৰু ইয়াত থকা চুতীয়া, মৰান,মটককে ধৰি আমাৰ ৰাভা,মিছিং বিভিন্ন সময়ৰ বিভিন্ন সৰু সৰু ৰাজ্যৰে বিভক্ত হোৱা এই অসমখন আজি একত্ৰিত হৈয়ে আমি বহুদিনৰ মনত পুহি ৰখা আশা ,বহু দিনৰ পৰা থকা দাবী পুনৰ সেই কমতাপুৰত আহি উপস্থিত হৈছো ৷ যি কমতাপুৰ আমাৰ দাবী আছিল, যি কমতাপুৰৰ দাবীত আমাৰ বহুদিন আন্দোলন হৈছিল তথা আক্ৰাছুকে ধৰি বিভিন্ন সন্মানীয় সংগঠনে সময়ে সময়ে আন্দোলন কৰিছিল আৰু আমাৰ বঙাইগাঁৱৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে এই খন চৰকাৰৰ বৰ ঘৰত থাকি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰস্তাৱ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাকে ধৰি তেওঁলোকৰ বাবেই পুনৰ আমি কমতাপুৰ ঘূৰাই পাইছো ৷ সেইবাবে তেওঁলোকক ধন্যবাদ জনাইছো ৷ কাৰণ কমতাপুৰ ইয়াৰ মূল দাবী আছিল আৰু আমি বহুদিন ইয়াৰ কাৰণে যুঁজিছিলো আৰু সেই কমতাপুৰ আমি ঘুৰাই পাবলৈ সক্ষম হলো বুলি নাভূত - নাশ্ৰুত মন্তব্য কৰে ৷ উল্লেখ্য যে চৰকাৰৰ কেবিনেটে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰাৰ বাবেহে প্ৰস্তাৱ গ্ৰহণ কৰিছে যদিও অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰীগৰাকীয়ে কমতাপুৰ পুনৰ ঘূৰাই পোৱা বুলি কৈ কমতাপুৰ ৰাজ্যৰ দাবীত চলি থকা আন্দোলনৰ যৱনিকা ঘটালে ৷ এই মন্তব্যই ইতিমধ্যে বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কাৰণ ৰাভা হাচং আৰু বিটিএডিৰ অংশক বাদ দি আক্ৰাছু তথা বিভিন্ন কোচ ৰাজবংশী জনগোষ্ঠীয়ে সুদীৰ্ঘদিন ধৰি কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আন্দোলন কৰা নাছিল ৷ কৰিছিল বৃহত্তৰ কমতাপুৰৰ দাবীতহে ৷ অৱশ্যে অগপৰ নেতাগৰাকীৰ মন্তব্যৰ পৰা চৰকাৰে গঠন কৰিবলগীয়া কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ ঘোষণাতে জনগোষ্ঠীটোৰ ৰাইজ তথা সংগঠনসমূহ ৰাজি হৈ বৃহত্তৰ যি কমতাপুৰ ৰাজ্যৰ দাবী জনাই আহিছিল সেই দাবীৰ পৰা আঁতৰি আহিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷ অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে ছবছৰীয়া আন্দোলনৰ পিছতে জন্ম হোৱা অসম গণ পৰিষদ দলে ঐক্য,শান্তি আৰু প্ৰগতিৰ মূল মন্ত্ৰৰে অসমৰ ৰাইজৰ মাজত অসমৰ ৰাইজৰ অস্তিত্বৰ বাবে আৰু এখন সুৰক্ষিত অসমৰ বাবে মুখত জয় আই অসম ধ্বনিৰে যুঁজ দি আহিছিল ৷ আজি জয় আই অসমলৈ টোনা - আজোৰা হৈছে ৷ অসম গণ পৰিষদ দলত এই ৩৫ বছৰ সময়ত বিভিন্ন ঘাট- প্ৰতিঘাত হৈছে ৷ বিভিন্ন সংঘাট হৈছে ৷ কিন্তু বঙাইগাঁৱৰ দলীয় কৰ্মীসকলে কোনো সলনি নোহোৱাকৈ একেৰাহে সাতবাৰকৈ ফনীভূষণ চৌধুৰীক জয়ী কৰি আহিছে ৷ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে মুকলি সভা সেয়ে কিছু কথা কবলৈ মন নাযায় ৷ কিন্তু তৎস্বত্বেও দুই এটা কথা ক'ব লাগিব ৷ দলত বিভিন্ন সময়ত ঘাট- প্ৰতিঘাত হৈছে, দলত থকা মানুহ কেতিয়াবা ওলাই গৈছে, কেতিয়াবা আকৌ আহিছে ৷ কেতিয়াবা আকৌ কিবা কিবি সমস্যাৰ সৃষ্টি কৰিছে ৷ আজিও দলৰ কোনো দুই- এজন জ্যেষ্ঠ নেতাই সমস্যাৰ সৃষ্টি কৰিছে ৷ ক'ৰবাত ক'ৰবাত কৈছে যে দলত কিবা সলনি হ'ব লাগে ৷ কিবা অভিযোগ যদি আছে দলৰ মজুত ক'ব লাগে ৷ মুকলিকৈ কোৱাৰ কি প্ৰয়োজন আছে ৷ আমিও সেই কাৰণে মুকলিকৈ কথাখিনি ক'ব বিচৰা নাই ৷ যদিও এইখন দলীয় সতীৰ্থ সভা ৷ দলৰ ভিতৰত দলৰ সমস্যা সমাধান হ'ব যদি কিবা সমস্যা আছে ৷ কিন্তু অসম গণ পৰিষদ দল কেতিয়াও কোনো কথাত আলোচনা- বিলোচনা তথা সভা- সমিতিৰ সিদ্ধান্তৰ বাহিৰত কেতিয়াও আগবঢ়া নাই ৷ যোৱা পঞ্চায়ত নিৰ্বাচনত দলটোৰ অকলে নিৰ্বাচন খেলিবলৈ কৈছিল আৰু খেলিছিল ৷ সেইদৰে দলৰ সিদ্ধান্ত আছিল যে 'কেব' যদি গ্ৰহণ হয় আমি ওলাই আহিব লাগে ৷ তেতিয়া আমি মন্ত্ৰী সভাৰ পৰা ওলাই আহিছিলো ৷ এইবাৰ সিদ্ধান্ত হৈছিল যে চৰকাৰৰ ভিতৰত থাকি যুঁজ দিব লাগে ৷ চৰকাৰৰ ভিতৰত থাকি যুঁজ দি আছো ৷ আমি শুদ্ধ পথটো গ্ৰহণ কৰিছো আৰু আমি শুদ্ধ পথত থাকি এখন সুৰক্ষিত অসমৰ কাৰণে যুঁজ দিছো ৷ আমাৰ পূৰ্বৰ স্থিতিত কোনো আপোচ নকৰাকৈ ৷ অসম গণ পৰিষদ দল এটা শুদ্ধ দিশত আছে, এটা জাতিক আগবঢ়াই নিয়াৰ সিদ্ধান্তত আছে ৷ এইখন শংকৰ- মাধৱ- আজানপীৰৰ অসম বুলি সদায় কৈ আছো ৷ আমি সমন্বয়ৰ অসমখন বৰ্তাই ৰাখিব লাগিব ৷ ইয়াত হিন্দু, মুছলমান,বংগভাষী বা বিভিন্ন ভাষা- ভাষীৰ যি বৈচিত্ৰ তাক আমি আগবঢ়াই নিব লাগিব ৷ অগপ এটা আঞ্চলিক দল হিচাপে অসমীয়া লোকৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ সকলো সুৰক্ষিত হোৱাকৈ এইখন অসমক আগুৱাই নিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু কয় যে আজি অসম চুক্তিহৈ যোৱাৰ পিছত ৩৫ বছৰ হ'ল ৷ অগপ দলে অসম চুক্তিক প্ৰথম স্থান দি আগবাঢ়িছো ৷ অসম চুক্তি মতে আমি যিখিনি সুৰক্ষিত হ'ব লাগে সেই সুৰক্ষিত হোৱাৰ এটা কামো আজিলৈ হোৱা নাছিল ৷ কিন্তু চৰকাৰৰ ভিতৰত থাকি সেইখিনি সুৰক্ষা আদায় কৰিবলৈ অগপ দল বদ্ধ পৰিকৰ ৷ অগপ আজি ঐক্যবদ্ধ, সুৰক্ষিত অসম আমাৰ লক্ষ্য ৷ অসমৰ ৰাইজ আজি ঐক্যবদ্ধ, সুৰক্ষিত অসম আমাৰ লক্ষ্য বুলিও শ্লোগান দিয়ে ৷
আনহাতে,সতীৰ্থ সন্মিলনীত অংশ গ্ৰহণ কৰি কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই কয় যে অসম গণ পৰিষদ দল এটা আঞ্চলিকতাবাদী শক্তি, এটা জাতীয়তাবাদী শক্তি ৷ অগপ দলৰ এটা ইতিহাস আছে ৷ এই ইতিহাস হ'ল আন্দোলনৰ ইতিহাস ৷ এই ইতিহাসে আমাক শিক্ষা দিছে জাতীয় জীৱনক ভাল পাবলৈ ৷ বিভিন্ন সময়ত অগপ দলৰ মাজলৈ বিভিন্ন সংকট আৰু প্ৰত্যাহ্বান আহিছে যদিও দলটোক ইমান সহজে কোনো শক্তিয়ে ওভালি পেলাব নোৱাৰে ৷ আমি নেতা- কৰ্মীসকল একত্ৰিত হৈ থাকিলে আমাৰ দলৰ শিপাডাল ওভালিব কোনেও নোৱাৰে ৷ আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি অগপ বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছ দলে আজি কালি জয় আই অসম বেছিকৈ কয় আৰু শ্বহীদৰ কথা বেছিকৈ কয় ৷ কিন্তু তেওঁলোকে পাহৰি যোৱা উচিত নহয় যে ৮৫৫ জন শ্বহীদ তেওঁলোকৰ কাৰণে হৈছিল ৷ সেয়ে শ্বহীদক স্মৰণ কৰাৰ তেওঁলোকৰ অধিকাৰ নাই ৷ জয় আই অসম আজি তেওঁলোকে বেছিকৈ ক'ব খোজে ৷ কিন্তু তেওঁলোকে পাহৰিৱগ'লে নহ'ব যে ১৯৮৩ চনত মানুহৰ ওপৰেৰে গৈ ভোট দি চৰকাৰ গঠন কৰিছিল ৷ সেই কংগ্ৰেছে যেতিয়া জাতীয় প্ৰেম আমাক শিকাব খোজে তাক আমি ধিক্কাৰ দিও ৷ অসমৰ জনগণে ধিক্কাৰ দিয়ে ৷ অসম ভাল পোৱা লোকে তথা নিজৰ মাটিত ভাল পোৱা লোকে কংগ্ৰেছক জাতীয় শক্তি বুলি গ্ৰহণ নকৰে ৷ তেওঁলোকক গ্ৰহণ কৰে ১৯৮৩ চনৰ সেই ৰক্তাক্ত নিৰ্বাচনৰ নৰহত্যাকাৰী কংগ্ৰেছ বুলিহে গ্ৰহণ কৰে বুলি কৈ তীব্ৰ সমালোচনা কৰে ৷
ইফালে,আদৰণি ভাষণত স্থানীয় বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে কয় যে অসম গণ পৰিষদ এটা ৰাজনৈতিক দল ৷ এই দলৰ জন্মৰ ইতিহাস অন্যান্য ৰাজনৈতিক দলৰ ইতিহাসৰ লগত কোনো ধৰণৰ মিল নাই ৷ আমাৰ জাতীয়তাবোধ আছে ৷ আমি সদায় ৰাজ্যখনৰ উন্নয়নৰ কথা, জনসাধাৰণৰ বিচৰা কথা চিন্তা কৰি আহিছো ৷ ইপিনে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে 'কা' কলৈ শক্তি প্ৰদৰ্শন কৰাৰ প্ৰশ্ন নুঠে ৷ এইখন হ'ল সতীৰ্থ সন্মিলনহে ৷ অৰ্থাৎ এইখন কৰ্মী সভা হৈছে ৷ আমাৰ যি আহ্বান আছে সেয়া তেওঁলোকক জনোৱা হৈছে ৷ কোনো শক্তি প্ৰদৰ্শন কৰাৰ কথাতো আহিব নোৱাৰে ৷ সতীৰ্থ সন্মিলনত তিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুনীন্দ্ৰ নাথ দাস, আৰু অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাই দলীয় কৰ্মীসকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷ সতীৰ্থ সন্মিলনত প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস আদিকে ধৰি কেবাজনো দলীয় নেতা উপস্থিত থাকে ৷ বঙাইগাঁও জিলাৰ অন্তৰ্গত বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টি তিনিটাকৈ সাঙুৰি অনুষ্ঠিত সতীৰ্থ সন্মিলনত কেইবা হাজাৰ দলীয় কৰ্মী উপস্থিত আছিল ৷ দলীয় কৰ্মীসকলক অনাৰ বাবে বাছ,অটো,টেম্পো,মেজিক আদি বাহনৰ ব্যৱস্থা কৰাও দেখা যায় ৷ উল্লেখ্য যে সতীৰ্থ সন্মিলনত এঘৰ নেতৃত্বই ' কা' সন্দৰ্ভত কোনো কথা উল্লেখেই নকৰি বিষয়টোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকে ৷
অগপৰ নেতৃত্বত আছুৰ ক'লা পতাকা প্ৰদৰ্শন
বঙাইগাঁঁৱত আজি অসম গণ পৰিষদ দলে আয়োজন কৰা সতীৰ্থ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ অহা দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলটোৰ নেতাসকলক আছু কৰ্মীসকলে ক'লা পতাকা প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে বঙাইগাঁও আছুৱে সংগঠনটোৰ জিলা মুখ্য কাৰ্যালয় চৌহদত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছিল ইপিনে অগপৰ নেতৃত্বই বঙাইগাঁৱৰ সতীৰ্থ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ অহাৰ বিষয়ে জানিব পাৰি অগপ নেতৃত্ব যেতিয়া দলীয় সভালৈ বাহনেৰে আহিছিল সেই সময়তে আছু কৰ্মীসকলে কাৰ্যালয়ৰ সন্মুখত তেওঁলোকৰ কনভয়লৈ ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে অগপ গ'বেক, অতুল বৰা মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী হুচিয়াৰ, কেশৱ মহন্ত হুচিয়াৰ, কা আমি নামানো, কা বাতিল কৰক আদি বিভিন্ন শ্লোগানো দিয়ে ৷ আনকি অগপ দলৰ নেতৃত্বই সতীৰ্থ সন্মিলনীৰ পৰা ওভতি যোৱাৰ সময়তো আছু কৰ্মীসকলে তেওঁলোকলৈ ক'লা পতাকা প্ৰদৰ্শন কৰে ৷ অৱশ্যে আছু কৰ্মীসকলক ৰাজপথলৈ ওলাই অহাত আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ আনকি পুৱাৰে পৰা আছু কাৰ্যালয়ৰ সন্মুখত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰি ৰাখিছিল ৷ ইপিনে অগপ নেতৃত্বক আছুই ক'লা পতাকা দেখুৱা সন্দৰ্ভত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে সেইটো তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলন ৷ গতিকে এই বিষয়ত মন্তব্য নিদিও ৷ তেওঁ অৱশ্যে কয় যে ৰাজ্যখনত 'কা' কলৈ যি আন্দোলন হৈছে তাত কিছুমান ৰাজনৈতিক শক্তিৰ প্ৰৱেশ কৰিছে ৷ গণতান্ত্ৰিক আন্দোলনটোক ধ্বংসাত্মক আন্দোলনৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ৷ আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি জাতীয় সংগঠনবোৰে যি গণতান্ত্ৰিক আন্দোলন কৰিছে,তাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে আৰু সমৰ্থন আছে।
- Log in to post comments
- 51 views