শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ২০২০ বর্ষৰ পহিলা দিনটোতে শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ত নৱজাত কন্যা সন্তানৰ বাবে এক ব্যতিক্ৰমী আঁচনিৰ শুভাৰম্ভণি কৰে। নাৰী সৱলীকৰণৰ এটা বুনিয়াদ ৰাখিবলৈ জিলা উপায়ুক্তই উন্মোচন কৰা 'ছৌলফুল শিৱসাগৰ' অভিযানৰ অধীনত গ্ৰহণ কৰা 'কুঁহি' নামৰ এই আঁচনিৰ অধীনত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত জন্ম লাভ কৰা প্ৰতিগৰাকী কন্যা সন্তানকে এটাকৈ ফল লগা তথা এটা বৃক্ষৰ পুলি প্ৰদান কৰা হয়।
শিৱসাগৰ জিলাৰ সামাজিক বনানিকৰণ বিভাগৰ সহযোগত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ স্বাস্থ্য সেৱাসমূহৰ যুটীয়া সঞ্চালক, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, জিলা প্ৰশাসনৰ বিষয়াসকল, মাণ্ডলিক বন বিষয়া (সামাজিক বনানিকৰণ) বিদ্যুৎ বৰঠাকুৰ আৰু 'ছৌলফুল শিৱসাগৰ' অভিযানৰ সদস্যসকলৰ উপস্থিতিত এটি নৱজাত কন্যা সন্তান আৰু প্ৰসৱান্তৰ চিকিৎসাৰ অন্তত চিকিৎসালয় ত্যাগ কৰা ৬ গৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃক এই উপহাৰ প্ৰদান কৰা হয়।
আঁচনিখনৰ উন্মোচন কালত জিলা উপায়ুক্তই প্ৰতিগৰাকী অভিভাৱকক নিজৰ কন্যা সন্তানৰ দৰে উক্ত গছপুলি দুটা প্ৰতিপালন কৰি গছে প্ৰকৃতিৰ শোধক হিচাপে কাম কৰাৰ দৰে কন্যা সন্তানটিক সমাজৰ আগত শক্তিশালীৰূপে প্ৰতিষ্ঠিত কৰি তুলিবলৈ উদ্বুদ্ধ কৰে। অনাগত সময়ত এই আঁচনিখন সকলো চৰকাৰী চিকিৎসালয়ত জন্ম হোৱা কন্যা শিশুৰ বাবে আগুৱাই নিয়া হ'ব বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে।
- Log in to post comments
- 14 views