শুৱালকুছিত বুট-মাহৰ বিষক্ৰিয়াত ২৫ গৰাকী লোক আক্ৰান্ত 

Pic

শুৱালকুছিৰ প্ৰতিবেদক:

বস্ত্ৰ নগৰী শুৱালকুছিৰ নিকটৱৰ্তী বংশৰ মাধৱপুৰত বুট - মাহ খাই  ২৫ গৰাকী ব্যক্তি শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ত  চিকিৎসাধীন হোৱাৰ ঘটনাই তীব্ৰ  চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিষক্ৰিয়াত বৃদ্ধৰ পৰা শিশু আৰু ৯ গৰাকী  মহিলা আক্ৰান্ত হয় ৷ বৰ্তমান আটাইকেইজন বিপদমুক্ত বুলি মহকুমা স্বাস্থ্য বিষয়া ড° দীপক দাসে জানিবলৈ দিয়ে ৷ বংশৰৰ মাধৱপুৰৰ প্ৰয়াত দিলীপ বৈশ্যৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে  মঙলবাৰে দিনৰ ভাগত স্থানীয় শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰত নাম-প্ৰসঙ্গৰ আয়োজন কৰিছিল ৷ প্ৰসঙ্গৰ অন্তত নাম প্ৰসঙ্গত ভাগ লোৱা ভকতবৃন্দৰ লগতে আমন্ত্ৰিত অতিথিসকলেও মাহপ্ৰসাদ লৈ ঘৰাঘৰি যায় ৷ পিছত সেই মাহ - প্ৰসাদ খোৱা লোকসকলৰ নিশা প্ৰায় ১১ বজা মানৰ পৰা পেটৰ বিষ , পাতলীয়া পায়খানাৰ লগতে সঘনাই বমি হবলৈ ধৰে ৷ পুৱতি নিশা পাঁচ বজাত বিষক্ৰিয়াত আক্ৰান্ত ২৫ গৰাকী লোকে শুৱালকুছি মহাত্মা গান্ধী প্ৰাথমিক চিকিৎসাত পৰিয়ালৰ লোকে লৈ আহে ৷ শুৱালকুছি চিকিৎসালয়ৰ চিকিৎসক দাসে ৰোগীসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰে আৰু বৰ্তমান আটাই  কেইজন বিপদমুক্ত বুলি জানিবলৈ দিয়ে ৷

Pic

মাহ - প্ৰসাদৰ বিষক্ৰিয়াৰ  উৎস বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও বুট - মাহ তিঁয়াই থোৱা পানীৰ পৰাই বিষক্ৰিয়া সৃষ্টি হোৱাৰ সন্দেহ কৰিছে চিকিৎসক ড° দীপক দাসে ৷ ইতিমধ্যে মাহ - প্ৰসাদ আৰু পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ মাহ - প্ৰসাদৰ বিষক্ৰিয়াত  আক্ৰান্ত সকল ক্ৰমে পুতুলী ডেকা ( ৪০), দিম্পল ডেকা (১৮), তৰালী বৈশ্য (৩৫), মঞ্জু বৈশ্য (৫৫),দয়মন্তী কলিতা (৫০),কৰবী নাথ (২০),ৰিংকু দাস (৩৬),শ্যামন্তিকা দাস (১৩),জোনালী ডেকা (৩৫) ৰিয়া ডেকা (৭) পৰিস্মিতা ডেকা ( ২৭),পিঞ্চুৰাজ ডেকা (৫), ভাস্কৰজ্যোতি বৈশ্য (৩০) কমল নাথ (২৩) হৰেকৃষ্ণ বৈশ্য (৪২),অপুৰ্ব দাস (৫১), বিমন কলিতা (২২),দীনেশ ডকা (৪৫),ৰোহিণী দাস (৭০),প্ৰ ণৱ মালাকাৰ (৫১),সবিতা দাস (৪৪),হৰ কুমাৰ দাস (৪৭),কৃষ্ণাঙ্গী বৈশ্য (৯) বছৰ অলোক দাস (৪৫) ৷ বুধবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লবলৈ শুৱালকুছি মহাত্মা গান্ধী চিকিৎসালয়ত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ  সৈতে যায় ৷ শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° কাৰ্তিক মেধিক সাক্ষাৎ কৰি আক্ৰান্তসকলৰ উপযুক্ত চিকিৎসা কৰিবলৈ আহ্বান জনায় ৷
 

Your Comments