বাহাৰঘাটত পৰিয়ালে পৰিয়ালে নাগৰিকত্ব আইন বিৰোধী ফেষ্টুন আঁঁৰি প্ৰতিবাদ  

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত 'আছু'সহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত 'নাগৰিকত্ব ( সংশোধনী ) আইন-২০১৯' বাতিলৰ দাবীত মঙলবাৰে    অঞ্চলটোৰ বেচিভাগ গাঁঁৱৰ পৰিয়ালে নিজ নিজ পদূলিত ফেষ্টুন আঁঁৰি তীব্ৰ প্ৰতিবাদ কৰে‌।সদৌ অসম ছাত্র সন্থাই অসমৰ ত্ৰিশটা জনগোষ্ঠীয় সংগঠন আৰু বিভিন্ন দল , সংগঠন আৰু ৰাইজৰ সহযোগত এই আইনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে। এই সংগ্ৰামৰ অংশ হিচাপে মঙলবাৰে অঞ্চলটোৰ বেচিভাগ পৰিয়ালে নিজৰ নিজৰ পদূলিত 'কা' বিৰোধী ফেষ্টুন আঁঁৰি চৰকাৰৰ প্ৰতাৰনাৰ প্ৰতিবাদ জনায়৷

Pic

উল্লেখযোগ্য যে কামৰূপ আৰু নলবাৰী জিলা সংযোগী উক্ত অঞ্চলৰ ৰাইজে বিগত বিধানসভা,পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত হিয়া উজাৰি শাসকীয় বিজেপিৰ সপক্ষে ভোটদান কৰি বিৰোধী দলৰ স্থিতিক একপ্ৰকাৰ নস্যাৎ কৰিছিল৷স্বাধীনতাৰ সত্তৰ দশকৰ পিচত অঞ্চলটোত কিছু উন্নয়নৰ পৰশ পৰিবলৈও ধৰিছিল৷কিন্তু জাতিধ্বংসী সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী (২০১৯)আইনৰ ৰাজ্যৰ  মিত্ৰজোঁঁটৰ চৰকাৰে জনোৱাত ৰাইজ মুঠেই সন্তুষ্ট নহয়৷আনকি,অসমীয়া জাতিৰ নিজস্বতা হেৰুৱাব লগা আইনখনক চৰকাৰখনে সমৰ্থন কৰাত ক্ৰোধান্বিত হৈছে সৰ্বস্তৰৰ ৰাইজ৷সেয়ে  অঞ্চলটোৰ  বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায়ভাগ পৰিয়ালে কা আমাক নালাগে,কা আমি নামানো,আমি কা বিৰোধী,জয় আই অসম আদি শ্লোগান লিখা নাগৰিকত্ব সংশোধনী(২০১৯)আইন বিৰোধী ফেষ্টুন আঁঁৰি তীব্ৰ প্ৰতিবাদ কৰে।

Your Comments