নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থ নগাঁও কলা মন্দিৰৰ উদ্যোগত যোৱা ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ দেওবাৰে নিশা সামৰণি পৰে।ৰাজ্যখনৰ ১১ টা নাট্যদলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতা ২৭ ডিচেম্বৰৰ সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিছিল নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই।এই অনুষ্ঠানত কলা মন্দিৰৰ সভাপতি ডা: কেশৱানন্দ গোস্বামী, উপদেষ্টা প্ৰবীণ বৰা, ললিত দত্ত আদিয়ে অংশগ্ৰহণ কৰিছিল|প্ৰতিযোগিতাত 'বেলিয়ে কোৱা সাধু' নাটকৰ বাবে নগাঁৱৰ নাট্যদল 'নিবেদন'-এ শ্ৰেষ্ঠ নাট্য দল হিচাপে স্থান লাভ কৰিছে। 'হাঁহিৰ ফুলবোৰ ফুলিব' নাটৰ বাবে নগাঁৱৰ নাট্যদল 'জ্যোতিশিল্প'ই দ্বিতীয় শ্ৰেষ্ঠ দলৰ স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, কলিয়াবৰৰ ফ্রেণ্ডশ্বীপ ক্লাবে 'সংকল্প' নাটৰ বাবে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।প্ৰতিযোগিতাৰ অন্তত স্থান লাভ কৰা দলসমূহক বঁটা প্ৰদান কৰা হয়।বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, অভিনেতা অজিত বৰঠাকুৰ, কবিন হাজৰিকা, কলা মন্দিৰৰ সম্পাদক কিশোৰ দাস, বিচাৰক ক্ৰমে পুণ্যদা বৰা, জিতেন বৰা আৰু দেৱানন্দ শইকীয়াই বিজয়ী দল আৰু অন্যান্যসকলক বঁটাসমূহ প্ৰদান কৰে । সামগ্ৰিকভাৱে অনুষ্ঠানৰ আঁত ধৰে ত্ৰিবেণী শইকীয়াই ।
- Log in to post comments
- 15 views